/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/e6a8e12b-63a6-4ea5-878e-dd53c954a648/WEB_THUM_new_dimpul_NANDINI.jpg)
ডিজিটেল ডেস্কঃ বিশ্বৰ কণিষ্ঠতম মহিলা চাৰ্টৰ্ড একাউণ্টেণ্ট হিচাপে গিনিজ ৱৰ্ল্ড ৰেৰ্কডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ভাৰতৰ এগৰাকী সুকন্যা নন্দিনী আগৰৱাল। স্কুলীয়া দিনৰ পৰাই পঢ়া-শুণাত আগবঢ়া নন্দিনীয়ে দুটা শ্ৰেণী আগবাঢ়ি ১৩ বছৰ বয়সতেই দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰ পিছত ১৫ বছৰ বয়সত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হয় আৰু ১৯ বছৰ বয়সতেই বিশ্বৰ কণিষ্ঠতম মহিলা চি এ হৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল।
মধ্য প্ৰদেশৰ এখন সৰু চহৰ মৰেনাৰ বাসিন্দা নন্দিনী আগৰৱাল। বিশ্বৰ আটাইতকৈ কম বয়সীয়া মহিলা চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি লাভ কৰিছে নন্দিনীয়ে। ২০২১ চনত চি এৰ চূড়ান্ত পৰীক্ষাত দেশৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছিল নন্দিনী আগৰৱালে। ২০২১ চনৰ ১৩ ছেপ্টেম্বৰত ১৯ বছৰ ৩৩০ দিন বয়সত এই কৃতিত্ব অৰ্জন কৰিছিল নন্দিনীয়ে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে মৰেনাৰ নন্দিনী আগৰৱালাকো ‘লোহা’ নামেৰে স্বীকৃতি দিছে।
২০২১ চনত চি এৰ চূড়ান্ত পৰীক্ষাত নন্দিনীয়ে ৮০০ৰ ভিতৰত ৬১৪ (৭৬.৭৫%)নম্বৰ সংগ্ৰহ কৰিছিল। এই পৰীক্ষাত মুঠ ৮৩ হাজাৰ প্ৰাৰ্থী অৱৰ্তীণ হৈছিল। তেওঁৰ ভাতৃ শচীনে এই পৰীক্ষাত ৫৬৮ নম্বৰ লাভ কৰিছিল।
এক সাক্ষাৎকাৰত নন্দিনীয়ে কয় যে, তেওঁ একাদশ শ্ৰেণীত পঢ়ি থকাৰ সময়তে তেওঁলোকৰ বিদ্যালয়লৈ এজন গিনিজ ৱৰ্ল্ড ৰেকৰ্ড অধিকাৰী লোক আহিছিল আৰু তেতিয়াৰ পৰাই তেওঁ এনে এক অভিলেখ গঢ়াৰ সপোন দেখিছিল। যিটো ভংগ কৰাটো সকলোৰে বাবে কঠিন হ’ব।
নন্দিনী আগৰৱাল ইমান সৰু আছিল যে প্ৰশিক্ষণ লোৱাত অসুবিধা হৈছিল। এই সন্দৰ্ভত তেওঁ কয় যে, সৰু কোম্পানীবোৰেও তেওঁক ১৬ বছৰ বয়সত ল’বলৈ সাজু নাছিল। তেওঁ লগতে কয় যে, এনে ব্যৰ্থতাই তেওঁক সেইবোৰক অতিক্ৰম কৰিবলৈ অধিক দৃঢ়প্ৰতিজ্ঞ কৰি তুলিছিল।
নন্দিনী আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ শচীন ভিক্টৰ কনভেণ্ট স্কুলৰ প্ৰাক্তন ছাত্ৰ। দুয়োজনে ২০১৭ চনত মৰেনা জিলাত অনুষ্ঠিত হোৱা দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত যৌথভাৱে ৯৪.৫% নম্বৰ লাভ কৰি শীৰ্ষস্থান দখল কৰিছিল। এই বিষয়ে নন্দিনীয়ে কয় যে, তেওঁৰ জ্যেষ্ঠ ভাতৃ তেওঁতকৈ দুটা শ্ৰেণী আগত আছিল, কিন্তু তেওঁ দুটা শ্ৰেণী আগবাঢ়ি গৈ একেলগে দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
নিজৰ এই সফলতা সন্দৰ্ভত নন্দিনীয়ে কয় যে, তেওঁৰ সফলতাত তেওঁৰ ভাতৃয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰথম ম’ক টেষ্টত বেয়া নম্বৰ পোৱাত তেওঁ বৰ হতাশাত ভুগিছিল আৰু সেই সময়ত তেওঁৰ ভাতৃৰ সমৰ্থনে যাদুৰ দৰে কাম কৰিছিল। নন্দিনীয়ে লগতে কয় যে, তেওঁৰ ভাতৃয়ে তেওঁক সদায় অনুশীলন কৰি থাকিবলৈ আৰু ম’ক টেষ্টৰ ফলাফলৰ কথা নাভাবিবলৈ উৎসাহিত কৰিছিল।
শচীনে কয় যে, নন্দিনীয়ে সদায় বহুত কষ্ট কৰিছিল আৰু তেওঁক অনুপ্ৰাণিত কৰিছিল। নন্দিনীক তেওঁ নিজেও পঢ়া-শুনাত মনোনিৱেশ কৰিবলৈ লৈছিল। তেওঁলোকৰ পিতৃ নৰেশ চন্দ্ৰ গুপ্তা এজন কৰ প্ৰেকটিচনাৰ, আৰু মাতৃ ডিম্পল গুপ্তা এগৰাকী গৃহিণী।
আটাইতকৈ কম বয়সীয়া পুৰুষ চি এৰ গিনিজ ৰেৰ্কডো এজন ভাৰতীয়ৰ নামতেই আছে। এইজন হৈছে লক্ষ্ণৌৰ ৰমেন্দ্ৰ চন্দ্ৰ গাংগুলী। ১৯৫৬ চনৰ মে’ মাহত গাংগুলীয়ে ১৯ বছৰ বয়সত এই কৃতিত্ব অৰ্জন কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us