Advertisment

ভাৰতৰ ঔদ্যোগিক উৎপাদন ছয় মাহৰ সৰ্বোচ্চ ৫.২ শতাংশত উপনীত

ভাৰতৰ ঔদ্যোগিক খণ্ডত বাৰ্ষিক উৎপাদনে শক্তিশালী লাভ দেখুৱাবলৈ সক্ষম হৈছে। তথ্য অনুসৰি বাৰ্ষিক উৎপাদন ছয় মাহৰ সৰ্বোচ্চ স্তৰ ৫.২ শতাংশত উপনীত হৈছে।

author-image
Asomiya Pratidin
New Update
ভাৰতৰ ঔদ্যোগিক উৎপাদন ছয় মাহৰ সৰ্বোচ্চ ৫.২ শতাংশত উপনীত

ডিজিটেল ডেস্কঃ ভাৰতৰ ঔদ্যোগিক খণ্ডত বাৰ্ষিক উৎপাদনে শক্তিশালী লাভ দেখুৱাবলৈ সক্ষম হৈছে। তথ্য অনুসৰি বাৰ্ষিক উৎপাদন ছয় মাহৰ সৰ্বোচ্চ স্তৰ ৫.২ শতাংশত উপনীত হৈছে।

Advertisment

শুকুৰবাৰে পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৪ ৰ নৱেম্বৰত ঔদ্যোগিক উৎপাদন ৫.৮ শতাংশলৈ বৃদ্ধি পাইছে। আনহাতে বিদ্যুৎ উৎপাদন ৪.৪ শতাংশ খনন কাৰ্যকলাপ ৪.৪ শতাংশলৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে, এইদৰে ঔদ্যোগিক কাৰ্যকলাপ বৃদ্ধিয়ে বিশ্বজুৰি সৃষ্টি হোৱা অৰ্থনৈতিক অনিশ্চয়তাৰ মাজতো ভাৰতৰ অৰ্থনৈতিক দৃষ্টিভংগীক শক্তিশালী কৰিছে। অৱশ্যে, বাৰ্ষিক মন্দাৱস্থাই ঔদ্যোগিক খণ্ডই বিকাশৰ এই গতি বজাই ৰখাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানো কঢ়িয়াই আনিছে।

বেংক অফ বৰোদাৰ মুখ্য অৰ্থনীতিবিদ মদন চাবনাভিছে এই সন্দৰ্ভত কয় যে, উৎপাদন খণ্ডই শক্তিশালী প্ৰদৰ্শন কৰিছে। যোৱা বছৰৰ ১.৩ শতাংশৰ তুলনাত এইবাৰ ৫.৮ বৃদ্ধি হৈছে।  

তেওঁ আৰু কয়, "আমি চাব লাগিব যে অনাগত মাহবোৰত ইয়াক বজাই ৰাখিব পাৰিনে নোৱাৰি। কিয়নো ই উৎপাদন খণ্ডৰ বিকাশ ৫.৩ শতাংশলৈ হ্ৰাস হোৱা বছৰটোৰ বাবে জিডিপি বৃদ্ধিত সহায় কৰিব।

২০২৪ ৰ, ছেপ্টেম্বৰ তিনিমাহত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধি ৫.৪ শতাংশলৈ হ্ৰাস পাইেছে। যোৱা দুবছৰৰ ভিতৰত এই সংখ্যা আছিল সৰ্বনিম্ন। এই সময়ছোৱাত, ব্যক্তিগত ব্যৱহাৰ বৃদ্ধি হ্ৰাস পাইছিল, আনহাতে উৎপাদন আৰু নিৰ্মাণতো মন্দাৱস্থা দেখা গৈছিল। 

ইফালে, অৰ্থনীতিত স্থিৰ বিনিয়োগৰ বাবে প্ৰক্সি মূলধনী সামগ্ৰীৰ উৎপাদন নৱেম্বৰত ৯ শতাংশ বৃদ্ধি পাইছে। আনহাতে  উপভোক্তা বহনক্ষম উৎপাদন, এই ত্ৰৈমাসিকত বাৰ্ষিক ১৩.১ শতাংশ বৃদ্ধি হৈছে। বছৰৰ আগৰ সময়ছোৱাত এই সংখ্যা আছিল মাত্ৰ ৪.৫ শতাংশ।

উল্লেখ্য যে, চলিচ বিত্তীয় বৰ্ষৰ এপ্ৰিলত ঔদ্যোগিক উৎপাদনৰ বিকাশৰ হাৰ আছিল ৫.২ শতাংশ। উৎসৱৰ বতৰৰ চাহিদাৰ বাবে এই পৰিমাণ এই সময়ছোৱাত বৃদ্ধি পাইছে।

এই সপ্তাহৰ আৰম্ভণিতে প্ৰকাশ কৰা অৰ্থনৈতিক পূৰ্বানুমান অনুসৰি ভাৰতৰ জিডিপি বৃদ্ধি বিত্তীয় বৰ্ষ ২৫ ৰ বাবে ৬.৪ শতাংশলৈ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। এই সংখ্যা কোভিড মহামাৰী পিছৰ চাৰি বছৰৰ বিকাশৰ সৰ্বনিম্ন গতি হিচাপে বিবেচিত হৈছে।

ভাৰতৰ জিডিপি বৃদ্ধিয়ে এই বছৰ মুখ্যতঃ নিৰন্তৰ মুদ্ৰাস্ফীতি, দুৰ্বল নগৰীয় ব্যৱহাৰ, ব্যক্তিগত খণ্ডৰ নিৰাশাজনক বিনিয়োগ, উৎপাদন কাৰ্যকলাপ লেহেম, আৰু নিৰ্বাচনৰ বাবে কোৱাৰ্টাৰ-১ ৰ সময়ত চৰকাৰী ব্যয় হ্ৰাস কৰাৰ বাবে প্ৰভাৱিত হৈছে। 

বিকাশ অৰ্থনৈতিক বিকাশ