আমেৰিকাৰ কৰ্কট ৰোগৰ ঔষধৰ বজাৰত ভাৰতীয় ঔষধ কোম্পানীৰ বৃহৎ অংশগ্ৰহণ

ভাৰতীয় ঔষধ কোম্পানীসমূহে ১৪৫ বিলিয়ন ডলাৰৰ অমেৰিকাৰ কৰ্কটৰ ঔষধ বজাৰত বৃহৎ অংশ গ্ৰহণৰ লক্ষ্য স্থিৰ কৰিছে। এই বজাৰ ২০৩৪ ত ৪১৭ বিলিয়ন ডলাৰলৈ বৃদ্ধিৰ অনুমান কৰা হৈছে।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
আমেৰিকাৰ কৰ্কটৰ ঔষধৰ বজাৰত ভাৰতীয় ঔষধ কোম্পানীৰ বৃহৎ অংশগ্ৰহণ

ডিজিটেল ডেস্কঃ ভাৰতীয় ঔষধ কোম্পানীসমূহে ১৪৫ বিলিয়ন ডলাৰৰ অমেৰিকাৰ কৰ্কটৰ ঔষধ বজাৰত বৃহৎ অংশ গ্ৰহণৰ লক্ষ্য স্থিৰ কৰিছে। ১১ শতাংশ বার্ষিক বৃদ্ধি হাৰত এই বজাৰ ২০৩৪ চনত প্ৰায় ৪১৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে।

Advertisment

চলিত মাহত Cipla, Biocon Biologics আৰু Zydus Lifesciences আদি ভাৰতীয় কোম্পানীসমূহে USFDA-ৰ অনুমোদন লাভ কৰি জটিল জেনেৰিক আৰু বায়’চিমিলাৰ ঔষধ আমেৰিকান বজাৰত প্ৰৱেশ কৰাইছে। এইবোৰ অনুমোদনে ভাৰতীয় কোম্পানীৰ কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধি আৰু উচ্চ মূল্যৰ বজাৰত তেওঁলোকৰ উপস্থিতি প্ৰতিপন্ন কৰিছে।

Biocon Biologics-এ ১০ এপ্ৰিলত Avastin-ৰ বায়’চিমিলাৰ Jobevne-ৰ অনুমোদন লাভ কৰিছে, যি কৰ্কৰটৰ বহু প্ৰকাৰৰ চিকিৎসাত ব্যৱহৃত হয়। Cipla-ই ১১ এপ্ৰিলত Abraxane-ৰ AB-rated জেনেৰিকৰ অনুমোদন লাভ কৰিছে। যি স্তন, পেট আদিৰ কৰ্কট ৰোগত ব্যৱহৃত হয়। লগতে, Zydus-এ মাৰ্চ মাহত Erleada-ৰ জেনেৰিক apalutamide tablet-ৰ অনুমোদন পাইছে।

এই অনুমোদনসমূহৰ সময় অতি গুৰুত্বপূৰ্ণ। কাৰণ বৰ্তমান আমেৰিকাত বিশেষকৈ কৰ্কটৰ ঔষধৰ ক্ষেত্ৰত ঔষধ সংকট বিদ্যমান হৈ আছে। ভাৰতীয় কোম্পানীসমূহৰ কম উৎপাদন খৰচ আৰু নিয়ন্ত্ৰণকাৰী সংস্থাৰ অনুমোদন লাভৰ অভিজ্ঞতাই এই সংকটৰ সমাধানত সহায় কৰিব পাৰে।

Primus Partners-ৰ CEO নিলয় বৰ্মাই এই সন্দৰ্ভত কয়, "আমেৰিকাত কম খৰচৰ চিকিৎসা প্ৰণালীত গুৰুত্ব বৃদ্ধি পোৱা পৰিপ্ৰেক্ষিতত ভাৰতীয় কোম্পানীসমূহে উচ্চ মানদণ্ডৰ জেনেৰিক আৰু বায়’চিমিলাৰ প্ৰদান কৰি যথেষ্ট সুযোগ লাভ কৰিছে।"

যদিও এই খণ্ডত সুযোগৰ সম্ভাৱনা আছে,  তথাপিও মূল্য নিৰ্ধাৰণৰ চাপ, নিয়ন্ত্ৰণ সংস্থাৰ কঠোৰ পৰ্যবেক্ষণ, আৰু পেটেণ্ট গোচৰৰ দৰে সমস্যাও বিদ্যমান। তেনেস্থলত, ভাৰতীয় কোম্পানীসমূহে জটিল থেৰাপিত অভিজ্ঞতা আৰু গ্ল’বেল অংশীদাৰিত্বৰ জৰিয়তে এই বাধাসমূহ পাৰ হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে।

 

ঔষধ আমেৰিকা যুক্তৰাষ্ট্ৰ কৰ্কট ৰোগ