/asomiyapratidin/media/media_files/2025/05/07/uexJBDdFuT78oju2gKou.jpg)
ডিজিটেল ডেস্কঃ ভাৰতে মাজনিশা পাকিস্তান অধিকৃত জম্মু আৰু কাশ্মীৰ তথা পাকিস্তানত মিছাইল আক্ৰমণ কৰাৰ পাছতে যুদ্ধ আৰম্ভ হৈছে। সীমান্তত পাক সেনাই নিৰ্বিচাৰে গুলী চালনা কৰিছে। ভাৰতীয় সেনাৰ ৯টাকৈ স্থানত চলোৱা মিছাইল আক্ৰমণত ৩০ টাকৈ সন্ত্ৰাসবাদীও নিহত হৈছে।
পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ বাহাৱালপুৰ আৰু পাক অধিকৃত কাশ্মীৰৰ মুজাফৰবাদত ভাৰতে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে। এই দুটা স্থানত আছে লস্কৰ-ই-তৈবা আৰু জৈছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী ঘাটি। এই অঞ্চল দুটাক সন্ত্ৰাসবাদীৰ ঘাটি বুলিয়েই জনাজাত।
ভাৰতীয় সেনাই মুঠ ৯ টাকৈ স্থানত আক্ৰমণ কৰা বুলি দাবী কৰিছে যদিও পাকিস্তানে অৱশ্যে ৬ টা স্থানত হে আক্ৰমণ হৈছে বুলিহে উল্লেখ কৰিছে। ভাৰতে উল্লেখ কৰা মতে কোটলি, মুৰিদকে, বাহাৱালপুৰ, চাক আমৰু, ভীম্বাৰ, গুলপুৰ, শিয়ালকোট আৰু মুজ্জাফৰবাদৰ দুটা স্থান।
ইফালে ভাৰতীয় সেনাৰ আক্ৰণৰ ভিডিঅ’সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে।এ এন আইকে ধৰি একাধিক এক্স হেণ্ডেলৰ জৰিয়তে সেই ভিডিঅ’ভাইৰেল হৈ পৰিছে। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৰ এক্স হেণ্ডেলত সেনাৰ আক্ৰমণৰ মুহূৰ্তৰ এটা ভিডিঅ’ পোষ্ট কৰা হৈছে।
ভিডিঅ’টোত দেখা গৈছে যে নিশাৰ আকাশৰে পোহৰৰ ফিৰিঙটি উৰি গৈছে। কাণ ফাটি যোৱা বিস্ফোৰণৰ শব্দও শুনিবলৈ পোৱা গৈছে। ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে জম্মু-কাশ্মীৰৰ পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ পৰা ‘অপাৰেচন সিন্দুৰ’ আৰম্ভ কৰাৰ দৃশ্য কেমেৰাত বন্দী হৈছে।
Union Minister Kiren Rijiju tweets, "#OperationSindoor"
— ANI (@ANI) May 6, 2025
(Video Source: Kiren Rijiju/X) pic.twitter.com/kdBY2xeHqN
য’ত দাবী কৰা হৈছে যে পাকিস্তান আৰু পাকিস্তানৰ দখলত থকা জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিসমূহত মিছাইল আক্ৰমণ কৰা হৈছে। পুৱা ১ বজাৰ পিছত ভাৰতীয় সেনাই নিজৰ এক্স হেণ্ডেলত আক্ৰমণৰ কথা ঘোষণা কৰিছে।
ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে মাজনিশা প্ৰকাশ কৰা চমু বিবৃতিত কোনো চহৰৰ নাম উল্লেখ কৰা নাই যদিও আক্ৰমণৰ কথা স্পষ্টকৈ উল্লেখ কৰিছে। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰিছে যে পাকিস্তানৰ ৯টা স্থানত আঘাতহনা হৈছে।
#WATCH | Poonch, Jammu and Kashmir: Visuals from Line of Control (LoC) as the Indian Armed Forces launched ‘Operation Sindoor’, hitting terrorist infrastructure in Pakistan and Pakistan-occupied Jammu and Kashmir from where terrorist attacks against India have been planned and… pic.twitter.com/A7DG8dRZ6v
— ANI (@ANI) May 6, 2025