সকলো যাত্ৰীবাহী বিমানৰ উৰণ, অবতৰণ বাতিলঃ বুধবাৰে নিশা হ'ব বায়ু সেনাৰ যুদ্ধ অনুশীলন

ভাৰতীয় বায়ু সেনাই ৰাজস্থানত বৃহৎ পৰিসৰত সামৰিক অনুশীলন কৰিবলৈ প্ৰস্তুতি চলাইছে। সীমান্তত চলাবলগীয়া এই যুদ্ধ অনুশীলন সন্দৰ্ভত আজি বায়ু সেনাৰ এক জাননীত উল্লেখ কৰা হৈছে।

author-image
Tushar Pratim
New Update
সকলো যাত্ৰীবাহী বিমানৰ উৰণ, অবতৰণ বাতিলঃ বুধবাৰে নিশা হ'ব বায়ু সেনাৰ যুদ্ধ অনুশীলন

ডিজিটেল ডেস্কঃ যুদ্ধ উত্তেজনাৰ মাজতে ভাৰতীয় বায়ু সেনাই ৰাজস্থানত বৃহৎ পৰিসৰত সামৰিক অনুশীলন কৰিবলৈ প্ৰস্তুতি চলাইছে। ভাৰত-পাকিস্তান সীমান্তত চলাবলগীয়া এই যুদ্ধ অনুশীলন সন্দৰ্ভত আজি বায়ু সেনাৰ এক জাননীত উল্লেখ কৰা হৈছে।

Advertisment

সেই অনুসৰি বুধবাৰে নিশা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব এই অনুশীলন। প্ৰায় ৫ ঘণ্টা ৩০ মিনিট ধৰি চলিবলগীয়া এই অনুশীলনৰ সময়ছোৱাত সীমান্তৰ ওচৰৰ বিমানবন্দৰৰ পৰা বিমানৰ উৰণ বা অৱতৰণ বন্ধ কৰা হৈছে। উল্লেখ্য যে, যোৱা ২২ এপ্ৰিলত পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ উত্তেজনা বৃদ্ধি পাইছে।

ইফালে বুধবাৰেই দেশৰ প্ৰায়সমূহ ৰাজ্যতে অনুষ্ঠিত হ’ব যুদ্ধ সুৰক্ষাৰ অনুশীলন। ইতিমধ্যে এই সম্পৰ্কীয় এক নিৰ্দেশনাও জাৰি কৰা হৈছে। স্মৰ্তব্য দেশজুৰি এনে পদক্ষেপে ১৯৭১ চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধৰ পিছত আন এক পূৰ্ণাংগ যুদ্ধৰ বাবে অসামৰিক প্ৰতিৰক্ষাৰ প্ৰস্তুতি দেখা পোৱা গৈছে।

বুধবাৰে যুদ্ধ সুৰক্ষাৰ অনুশীলন ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ উপৰিও বিভিন্ন বিদ্যুৎ কেন্দ্ৰ, সামৰিক ঘাটি, শোধনাগাৰ, জলবিদ্যুৎ বান্ধকে ধৰি দেশৰ প্ৰায় ৩০০ স্থানত অনুষ্ঠিত হ’ব। সাধাৰণ নাগৰিক বিশেষকৈ শিক্ষাৰ্থীসমূহৰ মাজত চলোৱা হ’ব এই অনুশীলন।

আনহাতে পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ মাজতো এক আলোচনা অনুষ্ঠিত হৈছে। এই বৈঠক অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। 

উল্লেখ্য যে, যোৱা ২২ এপ্ৰিলত পাকিস্তানৰ মদদপুষ্ট লস্কৰ-ই-তৈবাৰ ছায়া সংগঠন দ্য ৰেজিষ্ট্ৰেচন ফ্ৰণ্টে পেহেলগামৰ বৈছাৰণ উপত্যকাত আক্ৰমণ কৰি ২৬ গৰাকী পৰ্যটক আৰু এজন স্থানীয় যুৱকক গুলীয়াই হত্যা কৰিছিল। পোনপটিয়াকৈ এই আক্ৰমণৰ সৈতে পাকিস্তান জড়িত থকাৰ পাছতে ভাৰতে দেশখনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ দাবী জনাই আহিছে দেশবাসীয়েও। 

পাকিস্তান পেহেলগাম বায়ু সেনা