ভাৰত-পাকিস্তানৰ মাজৰ উত্তেজনা হ্ৰাস কৰাৰ চেষ্টা ৰাষ্ট্ৰসংঘৰ...

ড০ এছ জয়শংকৰে কয়, "ৰাষ্ট্ৰসংঘৰ এছ জি এণ্টনিঅ' গুটেৰেছৰ পৰা ফোন পাইছো। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তেওঁৰ বিনাদ্বিধায় নিন্দা কৰাৰ বাবে শলাগ লওঁ।

author-image
Tushar Pratim
New Update
ভাৰত-পাকিস্তানৰ মাজৰ উত্তেজনা হ্ৰাস কৰাৰ চেষ্টা ৰাষ্ট্ৰসংঘৰ...

ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ পেহেলগামৰ বৈছাৰণ ভেলীত যোৱা ২২ এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা যথেষ্ট বৃদ্ধি হৈছে। এই উত্তেজনাই যুদ্ধ সদৃশ এক পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে এই বিষয়টোৰ সৈতে জড়িত হৈ পৰিছে ৰাষ্ট্ৰসংঘ।

Advertisment

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ সৈতে পৃথকে পৃথকে কথা পাতি ২৬ গৰাকী পৰ্যটকৰ মৃত্যু হোৱা পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে।

ৰাষ্ট্ৰসংঘৰ এক বিবৃতিত উল্লেখ কৰা অনুসৰি তেওঁৰ ফোন কলত সচিব প্ৰধানগৰাকীয়ে বৈধ উপায়েৰে আক্ৰমণৰ ন্যায় আৰু জবাবদিহিতাৰ বাবে ল’বলগীয়া ব্যৱস্থাৰ বিষয়েহে প্ৰস্তাৱ আগবঢ়াইছে। ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাক লৈও তেওঁলোকে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। 

এনে পৰিস্থিতিত তেওঁ সাম্ভাব্য যুদ্ধৰ কৰুণ পৰিণতিৰ কথা চিন্তা কৰি এনে সংঘাতৰ পৰা আঁতৰি থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। দুয়ো দেশৰ মাজৰ উত্তেজনা হ্ৰাস কৰাৰ প্ৰচেষ্টাৰ সন্দৰ্ভতো মন্তব্য কৰিছে।

ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দিয়া এটা পোষ্টত ড০ এছ জয়শংকৰে কয়, "ৰাষ্ট্ৰসংঘৰ এছ জি এণ্টনিঅ' গুটেৰেছৰ পৰা ফোন পাইছো। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তেওঁৰ বিনাদ্বিধায় নিন্দা কৰাৰ বাবে শলাগ লওঁ। জবাবদিহিতাৰ গুৰুত্বৰ ওপৰত একমত। এই আক্ৰমণৰ দোষী, পৰিকল্পনাকাৰী আৰু সমৰ্থকসকলক যাতে ন্যায়ৰ কাষলৈ অনা হয় তাৰ বাবে ভাৰত দৃঢ়প্ৰতিজ্ঞ।"

ইফালে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে গুটেৰেছৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত পেহেলগাম কাণ্ডৰ ন্যায্য তদন্তৰ বাবে আবেদন জনায় বুলিও জানিব পৰা গৈছে। শ্বৰীফে মঙলবাৰে এক্সত লিখিছে, "ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছৰ সৈতে টেলিফোনিক কথা-বতৰা হৈছিল।

মই পাকিস্তানে সন্ত্ৰাসবাদক সকলো ধৰণে নিন্দা কৰাৰ কথা পুনৰ দৃঢ় কৰিলোঁ, ভাৰতৰ ভিত্তিহীন অভিযোগক নাকচ কৰিলোঁ আৰু পেহেলগামৰ কাণ্ডৰ স্বচ্ছ আৰু নিৰপেক্ষ তদন্তৰ আহ্বান জনাইছো। পাকিস্তানে শান্তিৰ প্ৰতি দায়বদ্ধ হৈ আছে যদিও প্ৰত্যাহ্বান জনালে সম্পূৰ্ণ শক্তিৰে নিজৰ সাৰ্বভৌমত্ব ৰক্ষা কৰিব।"

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২৯ এপ্ৰিল মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান আৰু স্থল সেনা, নৌ সেনা, বায়ু সেনাৰ মুৰব্বীসকল উপস্থিত থাকে। এই বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালও উপস্থিত আছিল।

বৈঠকত প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে সামৰিক বাহিনীৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ ক্ষেত্ৰত সেনা বাহিনীক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কেতিয়া, কোন সময়ত অভিযান চলাব সেয়া সম্পূৰ্ণ সেনাই নিৰ্ধাৰণ কৰিব। 

পাকিস্তানৰ সমৰ্থনত সন্ত্ৰাসবাদীয়ে পেহেলগাম আক্ৰমণ কৰাৰ পিছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ২৩ এপ্ৰিলৰ কেবিনেট বৈঠকত ভাৰতে ১৯৬০ চনৰ সিন্ধু জল চুক্তি বাতিল কৰাৰ সিদ্ধান্ত লৈছে।

বন্ধ কৰিছে আত্তৰীৰ সীমান্তও। উভতাই পঠিওৱা হৈছে ভাৰতত বাস কৰা পাকিস্তানী নাগৰিকক। বন্ধ কৰা হৈছে ভিছা দিয়া ব্যৱস্থা। অনুৰূপ ধৰণে পাকিস্তানেও গ্ৰহণ কৰিছে একাধিক এনে সিদ্ধান্ত। 

 

পাকিস্তান ড০ এছ জয়শংকৰ পেহেলগাম ৰাষ্ট্ৰসংঘ