/asomiyapratidin/media/media_files/2025/05/10/cNIruAodFpiDvrCyxOQ1.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ ফালৰ পৰা ঘোষণা কৰিলে যুদ্ধ বিৰতি। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এক্সৰ জৰিয়তে ভাৰত আৰু পাকিস্তানে যুদ্ধ বিৰতিৰ বাবে সন্মত হোৱাৰ কথা উল্লেখ কৰাৰ পাছতেই ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়েও ভাৰতৰ ফালৰ পৰা যুদ্ধ বিৰতি ঘোষণা কৰাৰ কথা উল্লেখ কৰিছে।
এক সংবাদ মেলত বিক্ৰম মিশ্ৰীয়ে কয়, আজি আবেলি ১৫-৩৫ বজালৈ পাকিস্তানৰ ডিজিএমঅ’য়ে আজি ভাৰতৰ ডিজিএমঅ’লৈ ফোন কৰে। দুয়ো পক্ষৰ মাজত ভূমি, আকাশ, আৰু সাগৰ সকলোতে গুলীবৰ্ষণ আৰু সেনা কাৰ্যকলাপ ৫ বজাৰ পৰা বন্ধ কৰাত একমতত উপনীত হৈছে। এই সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ দুয়ো পক্ষকে নিৰ্দেশ দিয়া হৈছে। ১২ মে’ তাৰিখৰ পুৱা ১২ বজাত পুনৰ এই বিষয়টোক লৈ দুয়ো পক্ষই পুনৰ কথা পাতিব।
এই ঘোষণাৰ পাছতে সাময়িকভাৱে সীমান্তত উত্তেজনা হ্ৰাস নিশ্চিত হৈছে। ১২ তাৰিখৰ আলোচনাৰ পাছৰ পৰিস্থিতি কি হয় সেয়া অৱশ্যে সময়েহে ক'ব।
"Pakistan's DGMO called Indian DGMO at 15:35 hours earlier this afternoon. It was agreed between them that both sides would stop all firing and military action on land, in the air & sea with effect from 1700 hours IST. Instructions have been given on both sides to give effect to… https://t.co/rEhleUtOXq pic.twitter.com/zUhZ3X0R0g
— ANI (@ANI) May 10, 2025
ভাৰতৰ বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰেও এই বিষয়ে এক্সত উল্লেখ কৰিছে। তেওঁ লিখিছে- 'India and Pakistan have today worked out an understanding on stoppage of firing and military action. India has consistently maintained a firm and uncompromising stance against terrorism in all its forms and manifestations. It will continue to do so'.
India and Pakistan have today worked out an understanding on stoppage of firing and military action.
— Dr. S. Jaishankar (@DrSJaishankar) May 10, 2025
India has consistently maintained a firm and uncompromising stance against terrorism in all its forms and manifestations. It will continue to do so.
ইয়াৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পে এক্স হেণ্ডেলৰ জৰিয়তে কৈছিল- ভাৰত আৰু পাকিস্তানৰ মাজত মধ্যস্থতা কৰিবলৈ সাজু আমেৰিকা। আক্ৰমণ, প্ৰত্যাক্ৰমণেৰে যুদ্ধ সদৃশ পৰিস্থিতিৰ মাজত থকা দুয়োখন দেশেই যুদ্ধ বিৰতিৰ বাবে সাজু হৈছে।
আজি এক্স হেণ্ডেলৰ জৰিয়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই ঘোষণা কৰিছে। এক্স হেণ্ডেলত ড‘নাল্ড ট্ৰাম্পে উল্লেখ কৰিছে এক দীঘলীয়া নিশা যুক্তৰাষ্ট্ৰৰ মধ্যস্থতাত হোৱা আলোচনাৰ পাছত মই আনন্দৰে ঘোষণা কৰিব কৰিছো ভাৰত আৰু পাকিস্তানে সম্পূৰ্ণ তাৎক্ষণিকভাৱে যুদ্ধ বিৰতিৰ বাবে সন্মত হৈছে। তেওঁ ইয়াৰ বাবে দুয়োখন দেশকে শুভেচ্ছা জনাই দুয়োখন দেশেই বুদ্ধিমত্তা দেখুওৱা বুলিও উল্লেখ কৰিছে।
— Donald J. Trump (@realDonaldTrump) May 10, 2025