/asomiyapratidin/media/media_files/2025/12/24/1-2025-12-24-12-48-03.jpg)
ডিজিটেল সংবাদ,ত্ৰিপুৰাঃ ত্ৰিপুৰাস্থিত আইচিএফএআই (ICFAI) বিশ্ববিদ্যালয়ৰ উদ্যোগত ২২ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ‘এডভান্সড কমিউনিকেশ্যন এণ্ড মেচিন ইন্টেলিজেন্স’ (MICA 2025) শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনি আজি সফলতাৰে সামৰণি পৰে।
বিশ্ববিদ্যালয় চৌহদত আয়োজিত এই সন্মিলনখনি এক গুৰুত্বপূৰ্ণ বহুমুখী মঞ্চ হিচাপে পৰিগণিত হয়, য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিক্ষাবিদ, বিজ্ঞানী, উদ্যোগ গৱেষক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰীয় মূল্যাংকন আৰু স্বীকৃতি পৰিষদৰ অধ্যক্ষ তথা এনবিএৰ অধ্যক্ষ অধ্যাপক অনিল দত্তাত্ৰয় সহস্ৰবুদ্ধি মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
তেওঁৰ লগতে আইচিএফএআই বিশ্ববিদ্যালয় ত্ৰিপুৰাৰ উপাচাৰ্য অধ্যাপক বিপ্লব হালদাৰ, ৰাজস্থান কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক অৰুণ কুমাৰ পূজাৰী, মৰিচাছৰ অধ্যাপক কাউলেছুৰ সঞ্জীৱ কে, জৰ্ডান বিশ্ববিদ্যালয়ৰ অধ্যাপক মহম্মদ এছ ওবাইদাট আৰু বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° এ ৰংগনাথ আদি বিশিষ্ট ব্যক্তিসকলে অনুষ্ঠানটোত অংশ লয়।
তিনিদিনীয়া এই কাৰ্যসূচীত বিশেষজ্ঞসকলৰ মূল ভাষণ, কাৰিকৰী গৱেষণা পত্ৰ উপস্থাপন আৰু পেনেল ডিচকাশন বা দলীয় আলোচনা অনুষ্ঠিত হয়। এই সন্মিলনৰ জৰিয়তে আধুনিক যোগাযোগ প্ৰযুক্তি আৰু মেচিন ইন্টেলিজেন্সৰ ক্ষেত্ৰত শেহতীয়া গৱেষণা আৰু উদ্ভাৱনসমূহক লৈ গভীৰ আলোচনা কৰা হয়।
সন্মিলনখনি সফল কৰি তোলাৰ ক্ষেত্ৰত অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যন, ওএনজিচি, গেইল, আৰডেন্ট কম্পিউটেক প্ৰাইভেট লিমিটেড আৰু ত্ৰিপুৰা চৰকাৰৰ তথ্য প্ৰযুক্তি সঞ্চালকালয়ে বিশেষ সহযোগিতা আগবঢ়ায়। সমগ্ৰ অনুষ্ঠানটোৰ সমন্বয়ক হিচাপে আছিল বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° জয়লাল চৰকাৰ আৰু ড° বিপুল সেন। এই সন্মিলনে শিক্ষা জগত আৰু উদ্যোগ খণ্ডৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us