আচৰিত ! অৰ্ডাৰ নকৰাকৈয়ে ঘৰলৈ আহিল শতাধিক পাৰ্চেল...

ভাৰ্জিনিয়াৰ এগৰাকী মহিলাৰ লগত যি হ’ল সেয়া কিছু পৃথক আৰু আশ্চৰ্যজনক

author-image
Asomiya Pratidin
New Update
আচৰিত ! অৰ্ডাৰ নকৰাকৈয়ে ঘৰলৈ আহিল শতাধিক পাৰ্চেল...

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত অনলাইন ব্যৱস্থাৰ প্ৰসাৰ বৃদ্ধি হোৱাত প্ৰায়ভাগ বস্তু বিচৰাৰ লগে লগে সহজেই উপলব্ধ হৈ পৰিছে। সমান্তৰালকৈ অনলাইনত সামগ্ৰী ক্ৰয় কৰা একাংশ মানুহৰ সংখ্যাও বৃদ্ধি পাইছে। যাৰ বাবে কেতিয়াবা অনলাইন অথবা অফলাইলযোগে ধন পৰিশোধ কৰা পৰিলক্ষিত হয়। কিন্তু ভাৰ্জিনিয়াৰ এগৰাকী মহিলাৰ লগত যি হ’ল সেয়া কিছু পৃথক আৰু আশ্চৰ্যজনক।

Advertisment

দৰাচলতে আচৰিত হ’ব লগা কথা এইটোৱে যে মহিলাগৰাকীয়ে কোনোধৰণৰ সামগ্ৰী অৰ্ডাৰ নকৰাকৈয়ে হঠাৎ আমাজনৰ পৰা লাভ কৰিলে কেইবাটাও পাৰ্চেল। পিছে মহিলাগৰাকীৰ ঘৰলৈ অহা পাৰ্চেলৰ সংখ্যা আছিল শতাধিক।

ভাৰ্জিনিয়াৰ মহিলা ছিন্দি স্মিথে কয় যে, শেহতীয়াকৈ প্ৰিন্স উইলিয়াম কাউন্টিৰ তেওঁৰ ঘৰত এই টোপোলাবোৰ দেখিবলৈ পাইছিল আৰু অতি সোনকালেই তেওঁ লাভ কৰিলে প্ৰায় ১০০০টা হেডলেম্প, ৮০০টা আঠাৰ বন্দুক আৰু কেইবাযোৰ বাইনোকুলাৰ।

ইফালে পাৰ্চেল লাভ কৰি মহিলাগৰাকীয়ে কয় যে, ‘এতিয়া মই মোৰ গাড়ীত হেডলেম্প আৰু আঠাৰ বন্দুক লৈ ঘূৰি ফুৰো আৰু লগ পোৱা সকলোকে দিওঁ’। এতিয়া সামাজিক মাধ্যমত এই বিষয়টোৱে সকলোৱে আচৰিত কৰি তুলিছে। কেনেকৈ এই মহিলাগৰাকীয়ে লাভ কৰিলে ইমানবোৰ পাৰ্চেল !

Also Read: এছিয়ান য়ুথ আৰু জুনিয়ৰ ভাৰত্তোলন প্ৰতিযোগিতাত অসমৰ ৩ খেলুৱৈ....

parcell amazone