আত্মনিৰ্ভৰশীলতা, প্ৰযুক্তি, মহাকাশ অন্বেষণৰে বিশ্বগুৰুৰ দিশে ভাৰতৰ দৃঢ় খোজ

নৰেন্দ্ৰ মোদী চৰকাৰে আৰম্ভ কৰা ‘আত্মনির্ভৰ ভাৰত’ আৰু ‘মেইক ইন ইণ্ডিয়া’ অভিযানৰ ফলত নিজকে কেৱল অংশগ্ৰহণকাৰী হিচাপে নহয়, ‘গ্লোবেল গেম-চেঞ্জাৰ’ হিচাপে প্ৰতিষ্ঠা কৰিছে।

author-image
Tushar Pratim
New Update
আত্মনিৰ্ভৰশীলতা, প্ৰযুক্তি, মহাকাশ অন্বেষণৰে অনবিশ্বগুৰুৰ দিশে ভাৰতৰ দৃঢ় খোজ

ডিজিটেল ডেস্কঃ বিগত এটা দশকত ভাৰতে যি ধৰণে আত্মনির্ভৰতা, প্ৰযুক্তি, আৰু মহাকাশ বিজ্ঞানত এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ জৰিয়তে বিশ্বমঞ্চত নিজৰ স্থান গঢ়ি তুলিছে, সেইয়া দেশৰ ইতিহাসত এক যুগান্তকাৰী পৰ্যায় হিচাপে চিহ্নিত হৈ পৰিছে।

Advertisment

নৰেন্দ্ৰ মোদী চৰকাৰে আৰম্ভ কৰা ‘আত্মনির্ভৰ ভাৰত’ আৰু ‘মেইক ইন ইণ্ডিয়া’ আদি অভিযানৰ ফলত দেশখনে নিজকে কেৱল অংশগ্ৰহণকাৰী হিচাপে নহয়, বৰঞ্চ ‘গ্লোবেল গেম-চেঞ্জাৰ’ হিচাপে প্ৰতিষ্ঠা কৰিছে। দেশৰ প্ৰতিৰক্ষা, মহাকাশ, আৰু উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ এই সফলতাৰ কাহিনী এতিয়া গৌৰৱৰ বাতৰি।

প্ৰতিৰক্ষা ক্ষেত্ৰত যুগান্তকাৰী সফলতা: ভাৰতৰ সুৰক্ষাৰ নতুন অধ্যায়

প্ৰযুক্তিৰ বিকাশৰ জৰিয়তে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডই বিশ্বৰ অগ্ৰণী শক্তিসমূহৰ সৈতে একে শাৰীত থিয় হৈছে। DRDO ৰ নেতৃত্বত দেশখনে যি ক্ৰমাগত সফলতা অৰ্জন কৰিছে, তাত মোদী চৰকাৰৰ আত্মনির্ভৰশীলতাৰ দৃষ্টি সৰ্বাধিক সহায়ক হৈছে।

  • লেজাৰ-ভিত্তিক অস্ত্ৰ ব্যৱস্থা: ২০২৪ চনত ভাৰতে সফলভাৱে লেজাৰ-ভিত্তিক ডাইৰেক্টেড এনার্জি অস্ত্ৰ পৰীক্ষা কৰে। যাৰ দ্বাৰা ড্ৰোণ ধ্বংস কৰাৰ সক্ষমতা লাভ কৰে।পূৰ্বে এই প্ৰযুক্তি থকা দেশসমূহৰ তালিকাত আছিল আমেৰিকা, ৰাছিয়া, চীন। এতিয়া ইয়াৰ সৈতে সংযোজিত হ’ল ভাৰতো।
  •  হাইপাৰচনিক ক্ষেপণাস্ত্ৰ: DRDO-এ ২০২৪ ৰ নৱেম্বৰত সফলভাৱে পৰীক্ষা কৰিলে দেশৰ প্ৰথম ‘লং-ৰেঞ্জ হাইপাৰচনিক মিছাইল’। যি ধ্বনিৰ গতিৰ পাঁচগুণত চলি কনভেনচনেল তথা নিউক্লিয়াৰ বোমা বহন কৰিব পাৰে।
  •  MIRV প্ৰযুক্তি: একেটা ক্ষেপণাস্ত্ৰৰ জৰিয়তে একাধিক লক্ষ্যত আঘাত হানিব পৰা MIRV প্ৰযুক্তিতো ২০২৪ চনত সফলভাৱে পৰীক্ষা কৰি এনে অস্ত্ৰ সম্বলিত চাৰিখন দেশৰ শক্তিৰ ভিতৰত নিজৰ নাম লিপিবদ্ধ কৰিলে।
  • নেভাল BMD আৰু Stealth UAV: ২০২৩ চনত, ভাৰতে সফলভাৱে Sea-based Interceptor Missile আৰু স্বদেশী Stealth UAV উৰোৱা পৰীক্ষা সম্পন্ন কৰে। এই সফলতাৰ জৰিয়তে দেশৰ সামৰিক শক্তি অধিক সুদৃঢ় হ’ল।
  • Mission Shakti (২০১৯): ভাৰতে নিজৰ স্পেচ এচেট সুৰক্ষাৰ বাবে সফলভাৱে এখন কৃত্ৰিম উপগ্ৰহ ধ্বংস কৰি ASAT ক্ষমতা অৰ্জন কৰিছিল।

মহাকাশ অভিযানত নতুন যুগ: ISRO-ৰ গৌৰৱগাঁথা


ISRO-এ যি ধৰণে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে, তাৰ পিছে আছে দেশীয় প্ৰযুক্তিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। দেশী প্ৰযুক্তিৰ বিকাশেৰে ইছৰোৱে যথেষ্ট সফলতাও অৰ্জন কৰিছে। 

  • SpaDEx মিছন: ভাৰত এতিয়া চাৰিখন দেশৰ মাজতৰ এখন হিচাপে পৰিগণিত হৈছে যিয়ে উপগ্ৰহ docking আৰু undocking প্ৰযুক্তি উন্নয়ন কৰিছে।
  • চন্দ্ৰযান-৩ (২০২৩): ভাৰত হৈছে পৃথিৱীৰ প্ৰথমখন দেশ যিয়ে চন্দ্ৰৰ দক্ষিণ মণ্ডলত সফলভাৱে অৱতৰণ কৰিছে।
  • ICMF (২০২২): ভাৰত বিশ্বৰ ষষ্ঠখন দেশ হিচাপে cryogenic engine নিৰ্মাণ ক্ষমতা লাভ কৰিছে।
  •  PSLV-C37 (২০১৭): এই মিছনত ১০৪ টা উপগ্ৰহ উৎক্ষেপণ কৰি ভাৰতে গিনেজ ৰেকৰ্ড গঢ়ে।


প্ৰযুক্তি আৰু উদীয়মান খণ্ডত ভাৰতৰ গতি

  • Semicon India: ভাৰত এখন গ্লোবেল চিপ মেনুফেকচাৰিং হাবলৈ পৰিণত হোৱাৰ দিশে যাত্ৰা আৰম্ভ কৰিছে। বহু গ্লোবেল কোম্পানীয়ে ভাৰতত বিনিয়োগ কৰিছে।
  • Quantum Technology: ২০২০ চনত ঘোষিত National Mission for Quantum Technology-এৰি ভাৰত Quantum Computing ৰ দিশে গতি কৰিছে। ইয়াৰ বাবে চৰকাৰে ইতিমধ্যে ৬,০০০ কোটি টকা অনুমোদন কৰিছে।

ভাৰতৰ এই অভিযানৰ জৰিয়তে কেৱল উন্নয়নৰ নহয়, ই বিশ্বৰ আগত শক্তি, আত্মবিশ্বাস আৰু লক্ষ্যৰ দৃঢ়তাও প্ৰকাশ কৰিছে। এই প্ৰতিটো সফলতা ভাৰতৰ "বিশ্বগুৰু" হোৱাৰ দিশে একো একোটা খোজ। 

 

নৰেন্দ্ৰ মোডী মেক ইন ইণ্ডিয়া মহাকাশ