WHO ৰ প্ৰাক্তন বিজ্ঞানীয়ে ক'লে- 'HMP ভাইৰাছক লৈ আতংকিত হোৱাৰ কাৰণ নাই'

HMP ভাইৰাছক ভয় কৰাৰ কোনো প্ৰয়োজন নাই।বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰাক্তন মুখ্য বিজ্ঞানী ড০ সৌম্য স্বামীনাথনে মঙলবাৰে এক্স হেণ্ডেলত এটা পোষ্টৰ জৰিয়তে HMP ভাইৰাছ সন্দৰ্ভত এই মন্তব্য কৰিছে।

author-image
Asomiya Pratidin
New Update
WHO ৰ প্ৰাক্তন বিজ্ঞানীয়ে ক'লে- 'HMP ভাইৰাছক লৈ আতংকিত হোৱাৰ কাৰণ নাই'

ডিজিটেল ডেস্কঃ HMP ভাইৰাছক ভয় কৰাৰকোনো প্ৰয়োজন নাই।বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰাক্তন মুখ্য বিজ্ঞানী ড০ সৌম্য স্বামীনাথনে মঙলবাৰে এক্স হেণ্ডেলত এটা পোষ্টৰ জৰিয়তে HMP ভাইৰাছ সন্দৰ্ভত এই মন্তব্য কৰিছে।

এক্স হেণ্ডেলত, সৌম্য স্বামীনাথনে লিখিছে, " HMP ভাইৰাছক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাই।এইটো এটা পৰিচিত ভাইৰাছ যিয়ে শ্বাসতন্ত্ৰৰ সংক্ৰমণ সৃষ্টি কৰে। অৱশ্যে, এই সংক্ৰমণ ভয়ানক নহয়।

তেওঁ সকলোকে স্বাভাৱিক সাৱধানতা অৱলম্বন কৰাৰো পৰামৰ্শ আগবঢ়াইছে। সকলোকে মাক্স পৰিধান কৰিবলৈ,সংঘনাই হাত ধুবলৈ, ভিৰ পৰিহাৰ কৰি চলিবলৈ আৰু HMP ভাইৰাছ গুৰুতৰ লক্ষণ দেখিলে চিকিৎসকৰ পৰামৰ্শ লবলৈ আহ্বান জনাইছে।

আই চি এম আৰৰ তথ্যৰ উদ্ধৃতিৰে বিশ্ব স্বাস্থ্য সংস্থাৰ বিজ্ঞানীজনে দাবী কৰিছে যে, HMP ভাইৰাছ এক পৰিচিত ভাইৰাছ। এই ভাইৰাছৰ ফলত ভাৰতত কোনো লোকৰে মৃত্যু হোনা নাই।

মন কৰিবলগীয়া যে HMP ভাইৰাছৰ আতংক বিয়পি পৰাৰ সময়তে দেশত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। মঙ্গলবাৰে নতুনকৈ এই ভাইৰাছত আক্ৰান্ত হৈছে আন দুজন লোক।

মহাৰাষ্ট্ৰত নতুনকৈ চিনাক্ত হোৱা এই দুই আক্ৰান্তৰ বয়স ক্ৰমে ৭ আৰু ১৩ বছৰ। এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হলেও আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলি জনাইছে স্বাস্থ্যমন্ত্ৰী জে পি নড্ডাই।

এক ভিডিঅবাৰ্তাত তেওঁ কয়, HMP ভাইৰাছ কোনো নতুন ভাইৰাছ নহয়। উল্লেখ্য যে, HMP ভাইৰাছৰ সংক্ৰমণে পুনৰ কোভিড পৰিস্থিতিৰ দৰে আন এক নতুন পৰিস্থিতিৰ সূচনা কৰিব নেকি বুলি সন্দেহৰ সৃষ্টি হৈছে। বিভিন্ন জনৰ মনত বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে।

কিন্তু HMP ভাইৰাছে তেনে পৰিস্থিতিৰ সূচনা নকৰে বুলি বিশেষজ্ঞসকলে স্পষ্ট কৰিদিছে। অৱশ্যে বহুতেই এই ভাইৰাছৰ সৈতে কোভিড ভাইৰাছৰ সাদৃশ্য বিচাৰি পাইছে। কোভিড ভাইৰাছৰ দৰেই এই HMP ভাইৰাছৰো উৎপত্তিস্থল চীন।

WHO এইচএমপিভি HMPV virus