স্তন কেন্সাৰত আক্ৰান্ত জনপ্ৰিয় অভিনেত্ৰী হিনা...

স্তন কেন্সাৰত আক্ৰান্ত জনপ্ৰিয় অভিনেত্ৰী হিনা...

author-image
Asomiya Pratidin
New Update
স্তন কেন্সাৰত আক্ৰান্ত জনপ্ৰিয় অভিনেত্ৰী হিনা...

ডিজিটেল ডেস্কঃ টিভিৰ জগতখনৰ এটা পৰিচিত নাম হিনা খান। স্তন কেন্সাৰত আক্ৰান্ত হৈছে জনপ্ৰিয় অভিনেত্ৰীগৰাকী। এই খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগীসকলৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হৈছে। অভিনেত্ৰীগৰাকীয়ে শুকুৰবাৰে পুৱা সকলো জল্পনা- কল্পনাৰ ওৰ পেলাই নিজেই কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰ সামাজিক মাধ্যমযোগ সদৰী কৰে।

Advertisment

টেলিভিছন তাৰকা হিনা খানে ইনষ্টাগ্ৰামত প্ৰকাশ কৰে যে তেওঁৰ ষ্টেজ থ্ৰী স্তন কেন্সাৰ ধৰা পৰিছে আৰু তেওঁৰ বৰ্তমান চিকিৎসা চলি আছে। ইনষ্টাগ্ৰামত এইকথা প্ৰকাশ কৰি সাহসেৰে আগবাঢ়িব বুলিও অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰে৷

হিনা খানে সংবাদ মাধ্যমত প্ৰকাশ কৰা এি পোষ্টৰ পিছতেই তেওঁৰ অনুৰাগীৰ মাজত হৈ চৈ লাগে । হিনা খানৰ অনুৰাগীয়ে অভিনেত্ৰীগৰাকীক উৎসাহিত কৰি শক্তিশালী হৈ থাকিবলৈ উৎসাহ যোগাইছে ৷

hina khan