Advertisment

জাপানত ১৬০ ব্যৱসায়ী, নেতাক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰঃ টকিঅ’ত ৰোড শ্ব’...

জাপানত উপস্থিত হোৱা হিমন্ত বিশ্ব শৰ্মাই এডভান্টেজ আছাম-২.০ সম্মিলনৰ সন্দর্ভত বহুজাতিক সংস্থা, ব্যক্তিবিশেষ, বিষয়া-প্রতিনিধি, উদ্যোগপতিৰে সাক্ষাতত মিলিত হয়।

author-image
Asomiya Pratidin
New Update
জাপানত ১৬০ ব্যৱসায়ী, নেতাক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰঃ টকিঅ’ত ৰোড শ্ব’...

ডিজিটেল ডেস্কঃ 'আন্তঃগাঁথনি, স্বাস্থ্যসেৱা, দক্ষতা আদিৰ ক্ষেত্ৰত অসমৰ কেইবাটাও উন্নয়নী যাত্রাত জাপানে অংশীদাৰিত্ব আগবঢ়াইছে।'- এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মৰ।

Advertisment

২১ জানুৱাৰীৰ নিশা দক্ষিণ কোৰিয়া ভ্রমণ সামৰি জাপানত উপস্থিত হোৱা মুখ্যমন্ত্রীয়ে দেশখনত উপস্থিত হোৱাৰ পাছত ২৫ আৰু ২৬ ফেব্রুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এডভান্টেজ আছাম-২.০ সম্মিলনৰ সন্দর্ভত বহুজাতিক সংস্থা, ব্যক্তিবিশেষ, বিষয়া-প্রতিনিধি, উদ্যোগপতিৰে সাক্ষাতত মিলিত হয়।

জাপানত মুখ্যমন্ত্রীয়ে ব্যক্ত কৰে 'শেহতীয়া বছৰবোৰত অসমে ৰাজ্যখনলৈ বৃহৎ পৰিসৰৰ বিনিয়োগ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত উল্লেখনীয় অগ্রগতি লাভ কৰিছে আৰু ৩ বিলিয়ন ডলাৰৰ উৎপাদন-সংযোজিত উদগনি (Production link incentive) আবণ্টন দিছে। মুখ্যমন্ত্রীয়ে অসমৰ বিকাশ আৰু উন্নয়নৰ এই ধাৰাত অধিক চামিল হ'বলৈ জাপানক আহ্বান জনায়।

অসমে তিনিটা বিশেষ মৌলিক ধাৰণা- সবলতা, স্বচ্ছতা আৰু দক্ষতাৰ ওপৰত ভিত্তি কৰি ৰাজ্যত বিনিয়োগ কৰিবলৈ ব্যৱসায়ীসকলক আমন্ত্রণ জনাইছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। তেওঁএই নীতিসমূহ অসমে অনুসৰণ কৰিছে বুলি উল্লেখ কৰি কয় যে,এই নীতি সমূহৰ জৰিয়তে নতুন যুগীয় উদ্যোগসমূহক তেওঁলোকৰ ভিত্তি স্থাপন কৰিবলৈ উৎসাহিত কৰিছোঁ।'

এডভান্টেজ আছাম জাপান ৰোড শ্ব'ৰ আৰম্ভণি কৰাৰ পূর্বে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই টকিঅ'ত মহাত্মা গান্ধীৰ আবক্ষ মূর্তিৰ সন্মুখত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমৰ বিকাশ আৰু উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ জাপান ভ্ৰমণৰ ২২ জানুৱাৰী দিনটোত মুখ্যমন্ত্রীয়ে ৬খন বৈঠকত অংশগ্রহণ কৰে।

অসমৰ অর্থনৈতিক উন্নয়নৰ খতিয়ান আৰু 'ইজ অৱ ডুইং বিজনেছ'ৰ বিষয়ত ১৬০ গৰাকীতকৈও অধিক জাপানী ব্যৱসায়িক নেতাৰ সৈতে মত বিনিময় কৰে। তেওঁ জনাই যে, ২০১৪ চনৰ তুলনাত অসমে অহা বছৰৰ ভিতৰত অর্থনীতি তিনিগুণ কৰিবলৈ আগবাঢ়িছে।

তেওঁ কয়,  আমাৰ একক উইণ্ডো মেকানিজম আৰু ৩ বিলিয়ন আমেৰিকান ডলাৰৰ উৎপাদন সংযোজিত উদগনিয়ে অসমক বিনিয়োগৰ সুযোগৰ দিশত উজলাই তুলিছে। ড০ শৰ্মাই ভাৰত আৰু জাপানৰ মাজত শক্তিশালী অর্থনৈতিক বন্ধনৰ দিশত অসমে এক অনুপ্ৰেৰণামূলক প্রভাৱেৰে আগুৱাই যাবলৈ সক্ষম হ'ব বুলি দোহাৰে।

পৰৱৰ্তী সময়ত জাপানৰ অর্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্রী কোগা য়ুইচিৰোৰ সৈতে সাক্ষাতত মিলিত হৈ জাপানী প্রতিষ্ঠানসমূহৰ প্রতি সমর্পিত এটা ব্যৱসায়িক ক্ষেত্র স্থাপনৰ বাবে অসমৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে। লগতে জাপান চৰকাৰক কাৰিকৰী ইন্টার্ন প্রশিক্ষণ আৰু নির্দিষ্ট দক্ষতা কর্মী কাৰ্যসূচীৰ বাবে পৰীক্ষা কেন্দ্র স্থাপনৰ বিষয়ে বিবেচনা কৰিবলৈও অনুৰোধ জনায়।

ইয়াৰ দ্বাৰা অসমৰ যুৱকসকলে জাপানত হ্রস্বম্যাদী কামৰ সুযোগ উন্নত কৰিব পাৰিব। পাছত মুখ্যমন্ত্রীয়ে জাপান বাহ্যিক বাণিজ্য সংস্থা (জেট্র')ৰ কাৰ্যবাহী উপাধ্যক্ষ কাজুয়া নাকাজোৰ সৈতেও সাক্ষাতত মিলিত হয়।

ৰাজ্যৰ পাৰস্পৰিক বিকাশ সাধনৰ বাবে বাণিজ্য, ব্যৱসায় আৰু উদ্যোগ খণ্ডত জাপান-অসমৰ মাজত সহযোগিতা বৃদ্ধিয়ে উক্ত আলোচনাত স্থান পায়। টকিঅ'ত হিটাচিৰ উপাধ্যক্ষ হিৰোহিড়ে হিৰাইৰে সাক্ষাতত মিলিত হোৱাৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই জাপানৰ আগশাৰীৰ ছেমিকণ্ডাক্টৰ নির্মাতা বেনেছাছ ইলেক্ট্রনিকছৰ উপাধ্যক্ষ চার্লছ কাৰাছিমাকো সাক্ষাৎ কৰে।

উল্লেখ্য, অসম চৰকাৰে দাবী কৰি আহিছে যে অসমত ছেমিকণ্ডাক্টৰৰ যি প্রকল্প, সেই প্রকল্পত দৈনিক ৪৮ নিযুত চিপ উৎপাদনৰ লক্ষ্যৰে কাম কৰিব। যাৰ ফলত অসম চিপ যোগানৰ দিশত এক বিশ্বব্যাপী কেন্দ্ৰ হৈ পৰিব।

মুখ্যমন্ত্রীয়ে বেনেছাছক ছেমিকণ্ডাক্টৰৰ দিশত অসমৰ বিকাশৰ কাহিনীৰ অংশীদাৰ হ'বলৈ আহ্বান জনায়। টয়' ইঞ্জিনিয়াৰিঙৰ অধ্যক্ষ তথা মুখ্য কার্যবাহী বিষয়া ইজি হোছোইৰ সৈতে এক অন্তর্দৃষ্টিপূর্ণ আলোচনাত মিলিত হৈ টয়'ৰ বিশাল অভিজ্ঞতা আৰু হাইড্র'কার্বন খণ্ডত অসমৰ অপৰিসীম ক্ষমতাৰ সমন্বয়েৰে ৰাজ্যৰ বিকাশৰ বাবে সুযোগ অন্বেষণ কৰিবলৈ আৰু অসমত তেখেতসকলৰ প্ৰসাৰ সম্প্ৰসাৰিত কৰিবলৈ আহ্বান জনায়।

জাপানস্থিত প্রবাসী অসমীয়াসকলে পুৱাৰ ভাগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰি অসমৰ থলুৱা পিঠা-পনাৰে আপ্যায়ন কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রথম দিনৰ কাৰ্যসূচীত সাক্ষাতত মিলিত হোৱা আটাইকে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত উপস্থিত থাকিবলৈ আহ্বান জনায়। উল্লেখ্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই জাপানত তিনিদিন উপস্থিত থাকি বিভিন্ন কাৰ্যসূচী সম্পাদন কৰিব।

ড০ হিমন্ত বিশ্ব শৰ্মা জাপান এডভাণ্টেজ আছাম ২.০