ৰাষ্ট্ৰীয় সংগীত গোচৰঃ মমতা বেনাৰ্জীক সকাহ নিদিয়ে উচ্চ ন্যায়ালয়ে...

বোম্বাই উচ্চ ন্যায়ালয়ে ২০২২ চনত এক অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীতক অসন্মান কৰাৰ অভিযোগত আজিৰ শুনানিত মমতাক সকাহ প্ৰদানৰ বিষয়টো অস্বীকাৰ কৰিছে ।

author-image
Asomiya Pratidin
New Update
পুনৰবাৰ বিজেপি শাসনলৈ আহিলে দেশত ঘৃণা বিয়পাই পেলাবঃ মমতা বেনাৰ্জী

বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

ডিজিটেল ডেস্কঃ এটা অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীতক অসন্মান কৰাৰ অভিযোগ উত্থাপিত হৈছিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে । এই সন্দৰ্ভত বৰ্তমানেও গোচৰ চলি আছে বংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে । ন্যায়াধীশ অমিত বৰকাৰৰ এটা বিচাৰপীঠে বুধবাৰৰ দিনটোত এক শুনানি গ্ৰহণ কৰে ।

Advertisment

বোম্বাই উচ্চ ন্যায়ালয়ে ২০২২ চনত এক অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীতক অসন্মান কৰাৰ অভিযোগত আজিৰ শুনানিত মমতাক সকাহ প্ৰদানৰ বিষয়টো অস্বীকাৰ কৰিছে ।

উল্লেখ্য যে ২০২৩ চনৰ জানুৱাৰী মাহত সত্ৰ আদালতৰ আদেশক প্ৰত্যাহ্বান জনাই মমতা বেনাৰ্জীয়ে দাখিল কৰিছিল আবেদন । ন্যায়াধীশ অমিত বৰকাৰৰ বিচাৰপীঠে আবেদনখন খাৰিজ কৰি বিষয়টো তদন্তৰ বাবে দণ্ডাধীশৰ আদালতলৈ ঘূৰাই দিছিল । মুখ্যমন্ত্ৰীগৰাকীয়ে আবেদনত কৈছিল যে সত্ৰ আদালতে চমন জাৰি কৰাৰ পৰিৱৰ্তে সমগ্ৰ অভিযোগটো বাতিল কৰিব লাগিছিল।

২০২২ চনৰ মাৰ্চ মাহত বিবেকানন্দ গুপ্তাই দাখিল কৰা অভিযোগৰ ওপৰত ভিত্তি কৰি আদালতে মমতা বেনাৰ্জীক চমন জাৰি কৰি কৰিছিল । মুম্বাইৰ কাফ পেৰেডৰ যশৱন্তৰাও চৱন প্ৰেক্ষাগৃহৰ এক ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল মমতাই । অভিযোগ অনুসৰি অনুষ্ঠানত উপস্থিত থাকি বহা স্থানতেই ৰাষ্ট্ৰীয় সংগীত গাবলৈ আৰম্ভ কৰিছিল, আৰু পিছতহে থিয় দিছিল বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । এই অভিযোগৰ ভিত্তিতেই আজি বুম্বাই আদালতে মুখ্যমন্ত্ৰীগৰাকীক ৰেহাই প্ৰদান কৰিবলৈ অমান্তি হৈছে ।

Also Read: আত্মসমৰ্পন কৰিব অমৃত পাল সিঙে!

#bambayhighcourt #mamtabenerji