উত্তৰাখণ্ডৰ উত্তৰকাশীত হেলিকপ্টাৰ দুৰ্ঘটনাঃ ৬ জন যাত্ৰীৰ মৃত্যু...

উত্তৰাখণ্ডৰ উত্তৰকাশীত সংঘটিত হৈছে হেলিকপ্টাৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। হেলিকপ্টাৰখনত ৭ জন লোক আছিল।

author-image
Tushar Pratim
New Update
উত্তৰাখণ্ডৰ উত্তৰকাশীত হেলিকপ্টাৰ দুৰ্ঘটনাঃ ৬ জন যাত্ৰীৰ মৃত্যু...

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ উত্তৰকাশীত সংঘটিত হৈছে হেলিকপ্টাৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

Advertisment

জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত হেলিকপ্টাৰখনত ৭ জন লোক আছিল। প্ৰকাশিত তথ্য অনুসৰি এই হেলিকপ্টাৰখন ডেৰাডুনৰ পৰা হৰচিললৈ ৰাওনা হৈছিল। এই দুৰ্ঘটনাৰ আঁৰৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা নাই। 

এই ঘটনাৰ তথ্য লাভ কৰাৰ পিছত উত্তৰকাশী জিলাৰ জিলা আয়ুক্তগৰাকী সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। এই দুৰ্ঘটনাত আহজনক উদ্ধাৰ কৰা হৈছে। তাৰ পাছতেই আহতজনক কাষৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোককেইজন হৈছে কলা ছোনী, বিজয়া ৰেড্ডী, ৰুচি আগৰৱাল, ৰাধা আগৰৱাল, বেদাৱতী কুমাৰী আৰু ৰবীন সিং।  হেলিকপ্টাৰখনৰ পাইলট আছিল ৰবিন সিং। এই সকলোৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে।

হেলিকপ্টাৰ দুৰ্ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত জানিব পৰা নাই যদিও ইয়াৰ তদন্ত আৰম্ভ হৈছে।অৱশ্যে প্ৰাৰম্ভিকতে সন্দেহ কৰা হৈছে কোনো কাৰিকৰী বিজুটিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।

 

উত্তৰাখণ্ড হেলিকপ্টাৰ দুৰ্ঘটনা