IPS হৈয়ো দায়িত্ব পালন কৰিব নোৱাৰিলে হৰ্ষ বৰ্ধনেঃ দুৰ্ঘটনাই ল'লে প্ৰাণ

কৰ্ণাটকত সংঘটিত হোৱা এই ঘটনাই এতিয়া দেশজুৰি চাঞ্চল্যৰ সমান্তৰালকৈ শোকৰ ছাঁ পেলাইছে। দীৰ্ঘদিনীয়া তপস্যাৰ অন্তত আই পি এছ হিচাপে নিযুক্তি লাভ কৰিছিল হৰ্ষ বৰ্ধন নামৰ মেধাৱী যুৱকজনে। নিযুক্তি লাভৰ পাছেতেই তেওঁ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি কৰ্তব্যৰ বাবে সাজু হৈছিল।

author-image
Asomiya Pratidin
New Update
 IPS হৈয়ো দায়িত্ব পালন কৰিব নোৱাৰিলে হৰ্ষ বৰ্ধনেঃ দুৰ্ঘটনাই ল'লে প্ৰাণ

ডিজিটেল ডেস্কঃ হয়তো এটা পৰিয়ালৰ বাবে ইয়াতকৈ বেয়া খবৰ আৰু একো হব নোৱাৰে ! দীৰ্ঘদিনীয়া কষ্ট, ত্যাগ, কঠোৰ অধ্যয়ন আৰু অধ্যাৱসায়ৰ বলত বিশ্বৰে অন্যতম কঠিন পৰীক্ষা হিচাপে পৰিচিত ইউ পি এছ চি উত্তীৰ্ণ হৈ চাকৰি জীৱন আৰম্ভ কৰাৰ ঠিক আগমুহূৰ্ততে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনা কিমান মৰ্মাণ্টিক হব সেয়া নকলেও সবজেই উপলব্ধি কৰিব পাৰি।

Advertisment

কৰ্ণাটকত সংঘটিত হোৱা এই ঘটনাই এতিয়া দেশজুৰি চাঞ্চল্যৰ সমান্তৰালকৈ শোকৰ ছাঁ পেলাইছে। দীৰ্ঘদিনীয়া তপস্যাৰ অন্তত আই পি এছ হিচাপে নিযুক্তি লাভ কৰিছিল হৰ্ষ বৰ্ধন নামৰ মেধাৱী যুৱকজনে। নিযুক্তি লাভৰ পাছেতেই তেওঁ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি কৰ্তব্যৰ বাবে সাজু হৈছিল।

আনুষ্ঠানিকভাৱে নতুন কৰ্তব্যস্থলীলৈ যোগদান কৰিবলৈ যোৱাৰ সময়তে ঘটিল সেই অঘটন। দেশমাতৃক সেৱা কৰাৰ তেওঁৰ সপোন সপোন হৈয়ে ৰল। এক ভয়ংকৰ পথ দুৰ্ঘটনাই কাঢ়িলে হৰ্ষ বৰ্ধনৰ প্ৰাণ।

উল্লেখ্য যে, প্ৰশিক্ষণ সামৰি কৰ্ণাটকৰ আই পি এছ বিষয়া হৰ্ষ বৰ্ধনে হাছান জিলাত প্ৰথমবাৰৰ বাবে দায়িত্ব গ্ৰহণৰ বাবে গৈছিল। সেই সময়তে সংঘটিত হয় এই কৰুণ ঘটনা। মৃত্যুৰ সময়ত নৱ নিযুক্ত আই পি এছ হৰ্ষ বৰ্ধনৰ বয়স আছিল মাত্ৰ ২৬ বছৰ।

মধ্যপ্ৰদেশৰ বাসিন্দা হৰ্ষ বৰ্ধন আছিল কৰ্ণাটক কেডাৰৰ ২০২৩ বেটছৰ আই পি এছ বিষয়া। আৰক্ষীয়ে প্ৰকাশ কৰা মতে হৰ্ষ বৰ্ধনে যিথন গাড়ীৰে যাত্ৰা কৰিছিল সেই বাহনখনৰ টায়াৰ ফাঁটি যোৱাৰ ফলতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা ঘৰত খুন্দা মাৰি পাছত আকৌ গছত খুন্দা মাৰে।

ফলত বাহনখনত থকা হৰ্ষ বৰ্ধনে মূৰত অতি গুৰুতৰভাৱে আঘাত পায়। তাৰ পাছতেই তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও হাস্পতালতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

এই ঘটনাৰ পাছতে বিভিন্ন জনে শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমতো শোক ভৰা বাৰ্তাই ভৰি পৰিছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াই এক্সৰ জৰিয়তে তেওঁক শোক প্ৰকাশ কৰিছে। তেওঁ এক্সত লিখিছে  যেতিয়া বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰমৰ ফল পাইছিল তেতিয়াই এনে হব নালাগিছিল। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে হৰ্ষ বৰ্ধনৰ আত্মাই শান্তি লাভ কৰক। পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো।"

উল্লেখ্য এইগৰাকী নৱ নিযু্ক্তি প্ৰাপ্ত আই পি এছ বিষয়াই কৰ্ণাটকৰ হোলেনাৰসীপুৰত সহৰাকী আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব লাভ কৰিছিল। অতি শেহতীয়াকৈ তেওঁ মহীশূৰুৰ কৰ্ণাটক পুলিচ একাডেমীত ৪ সপ্তাহৰ প্ৰশিক্ষণ সমাপ্ত কৰিছিল।

পথ দুৰ্ঘটনা কৰ্ণাটক আই পি এছ