হাৰিয়ানা নিৰ্বাচনঃ এগজিত প'লৰ সমীক্ষাত নিশ্চিহ্ন শাসকীয় দল...

৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়াৰ সন্ধিয়া ৫ বজাত সামৰণি পৰে। ৫ বজালৈ মুঠ ৬১ শতাংশ ভোটদান সম্পন্ন..

author-image
Asomiya Pratidin
New Update
হাৰিয়ানা নিৰ্বাচনঃ এগজিত প'লৰ সমীক্ষাত নিশ্চিহ্ন শাসকীয় দল...

ডিজিটেল ডেস্কঃ শনিবাৰে অনুষ্ঠিত হৈছে হাৰিয়ানা বিধানসভাৰ নিৰ্বাচন। মুঠ ৯০খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰাৰ্থী সকলে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়াৰ সন্ধিয়া ৫ বজাত সামৰণি পৰে। ৫ বজালৈ মুঠ ৬১ শতাংশ ভোটদান সম্পন্ন হয়।

Advertisment

হাৰিয়ানা নিৰ্বাচনক লৈ বিভিন্ন সংস্থাৰ এগজিত প'লত প্ৰকাশিত তথ্য অনুসৰি, ৰাজ্যখনত কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা প্ৰকট। বিভিন্ন এগজিত প'লে কংগ্ৰেছক প্ৰদান কৰিছে ৫৫-৬২খন আসন। ইফালে বিজেপিক ১৮-২৪ খন আসন প্ৰদান কৰিছে এগজিত প'লে।

বিজেপি, কংগ্ৰেছকে ধৰি সকলো দলে বিধানসভা নিৰ্বাচনত জয়ী হ'বলৈ সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিছে যদিও মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে হোৱাৰ সম্ভাৱনা আছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যখনত আন মুখ্য আঞ্চলিক দলবোৰৰো গুৰুত্ব কম নহয়।

নিৰ্বাচন সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, মেৱাট অঞ্চলত ৬৮.২৮ শতাংশৰে সৰ্বাধিক ভোটদান হোৱাৰ বিপৰীতে গুৰুগ্ৰামত ৩৮.৬১ শতাংশৰে সৰ্বনিম্ন ভোটদান হৈছে। ইয়াৰোপৰি যমুনানগৰত ৬৭.৯৩ শতাংশ ভোটদান হৈছে।

উল্লেখ্য যে, হাৰিয়ানা নিৰ্বাচনৰ বাবে বিজেপি আৰু কংগ্ৰেছে ৯০খন আসনৰ ভিতৰত ৮৯খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। এখন আসনত নিৰ্বাচনত অৱতীৰ্ণ হৈছে চিপিএম।

জেজেপি-আজাদ সমাজ পাৰ্টিৰ মিত্ৰজোঁটে ৭৮খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। ইয়াৰে জেজেপিয়ে ৬৬খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে ১২খন আসন এ এছ পিক দিয়া হৈছে।

Also Read: অসমে গৰাখহনীয়াত হেৰুৱালে ৮০০০ বৰ্গ কিলোমিটাৰ ভূমি...