গুজৰাটৰ পৌৰ নিগমৰ নিৰ্বাচন : আগবাঢ়ি আছে বিজেপি…

গুজৰাটৰ পৌৰ নিগমৰ নিৰ্বাচন : আগবাঢ়ি আছে বিজেপি…

author-image
asomiyapratidin
New Update
গুজৰাটৰ পৌৰ নিগমৰ নিৰ্বাচন : আগবাঢ়ি আছে বিজেপি…

ডিজিটেল ডেস্ক : গুজৰাটৰ ছয় খন পৌৰ নিগমৰ ভোট গণনা মঙলবাৰে অনুষ্ঠিত হয় । দেওবাৰে ৫৭৬ খন পৌৰ নিগমৰ আসনৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন ।ইফালে পৌৰনিগমৰ ভোটগননাত বিজেপিয়ে ৩৪১ আসমত আগবাঢ়ি থকাৰ লগতে কংগ্ৰেছ ৩৮ খন আসনত আগবাঢ়ি আছে।

Advertisment

আহমেদাবাদ, চুৰাট, ৰাজকোট, বদোদৰা, ভৱনগৰ আৰু জামনগৰ পৌৰ নিগমৰ বাবে দেওবাৰে নিৰ্বাচন অনুষ্ঠিত হৈছিল। ৰাজ্যিক নিৰ্বাচন আয়োগৰ মতে, ৪৬.১ শতাংশ ভোটাৰে ভোটদান কৰিছিল নিৰ্বাচনত । আয়োগে জনোৱা অনুসৰি আহমেদাবাদত ৪২.৫ শতাংশ আৰু জামনগৰত ৫৩.৪ শতাংশ ভোটদান সম্পন্ন হয় ।

তদুপৰি, ৰাজকোটত ৫০.৭ শতাংশ, ভাৱনগৰত ৪৯.৫ শতাংশ, বদোদৰাত ৪৭.৮ শতাংশ আৰু চুৰাটত ৪৭.১ শতাংশ ভোটগ্ৰহণ সম্পন্ন হৈছিল ।ছয়খন চহৰত মুঠ ১.১৪ কোটি পঞ্জীভুক্ত ভোটাৰৰ ভিতৰত ৫২.৮৩ লাখ লোকে দেওবাৰে ভোটদান দিছিল ।