গোলাঘাটত দিনদুপৰতে মহিলাক দাৰে আক্ৰমণ, সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

ইমতিয়াজ আলী নামৰ এজন ড্ৰাগছ আসক্ত যুৱকে দাৰে আক্ৰমণ কৰে মোছফি হাজৰিকা নামৰ এগৰাকী মহিলাক। হঠাতে সংঘটিত এই আক্ৰমণত মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

author-image
Asomiya Pratidin
New Update
xgdfgdgfdfdfd

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটত দিনদুপৰতে সংঘটিত এক আক্ৰমণৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। ঘটনাটো সংঘটিত হৈছে গোলাঘাটৰ উদয়নগৰ অঞ্চলত।

জানিব পৰা মতে, ইমতিয়াজ আলী নামৰ এজন ড্ৰাগছ আসক্ত যুৱকে দাৰে আক্ৰমণ কৰে মোছফি হাজৰিকা নামৰ এগৰাকী মহিলাক। হঠাতে সংঘটিত এই আক্ৰমণত মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ পিছতে স্থানীয় ৰাইজে ততাতৈয়াকৈ আহত মহিলাগৰাকীক উদ্ধাৰ কৰি গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। বৰ্তমান তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইফালে ঘটনাৰ সন্দৰ্ভত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে গোলাঘাট থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।

গোলাঘাট