/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/d624df06-ce52-41d2-ab5a-b1c4dd227beb/gender_equality.jpg)
ডিজিটেল ডেস্ক : দা অক্সফেম ইণ্ডিয়াৰ 'ভাৰতীয় বৈষম্য প্ৰতিবেদন ২০২২'ত প্ৰকাশ পালে এক নতুন তথ্য । গ্ৰামাঞ্চলত ১০০ শতাংশ আৰু নগৰাঞ্চলত ৯৮ শতাংশ মহিলা নিবনুৱাৰ সৃষ্টিৰ কাৰণ লিংগ বৈষম্য বুলি প্ৰকাশ পালে এই প্ৰতিবেদনত ।
এই প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি শৈক্ষিক অৰ্হতা থকাৰ সত্বেও শ্ৰম ক্ষেত্ৰত থকা সামজিক আৰু নিয়োগকৰ্তাৰ বৈষম্যমূলক ধাৰণাৰ বাবেই দেশত পৰিলক্ষিত হৈছে এই পাৰ্থক্য ।
ইয়াৰ উপৰিও এই প্ৰতিবেদন অনুসৰি, স্বনিয়োজিত পুৰুষ এজনে মহিলা এগৰাকীৰ তুলনাত ২.৫ গুণ বেছি উপাৰ্জন কৰে ভাৰতত আৰু এই পাৰ্থক্যৰ কাৰণো ৮৩ শতাংশ সময়ত লিংগ বৈষম্যই । ইয়াৰ উপৰিও দৰমহা ভিত্তিক উপাৰ্জনৰ ক্ষেত্ৰত এই পাৰ্থক্য পৰিলক্ষিত হয় ৯৫ শতাংশ সময়ত বুলি উল্লেখ কৰে দা অক্সফেম ইণ্ডিয়াই । সম পদবীৰ পৰা আৰম্ভ কৰা চাকৰিতো মহিলাৰ তুলনাত পুৰুষৰ পদোন্নতিৰ সংখ্যাও অধিক বুলি উল্লেখ কৰে অক্সফেম ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ বেহাৰে |
আনহাতে, শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ অভাৱে এই আৰ্জনৰ পাৰ্থক্যত সহযোগ কৰে ৩৩ শতাংশলৈ । এতিয়া প্ৰশ্ন হয়, লিংগ বৈষম্যৰ বাবে নিয়োজিত নহ'লে অভিজ্ঞতা কেনেকৈ হ'ব কৰ্মচাৰীৰ ।
ইয়াৰ সৈতেই, অক্সফেম ইণ্ডিয়াই ভাৰত চৰকাৰক তৎকালীন ভাৱে মহিলা কৰ্মচাৰী সকলৰ উপাৰ্জন পুৰুষৰ সমান কৰিবলৈ আৰু কৰ্মক্ষেত্ৰত দেখা পোৱা লিংগ বৈষম্যৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আবেদন কৰে ।