জাতি নহয়, দৰিদ্ৰতাৰ আধাৰতহে সংৰক্ষণ কৰা উচিতঃ গাডকাৰী

জাতি নহয়, দৰিদ্ৰতাৰ আধাৰতহে সংৰক্ষণ কৰা উচিতঃ গাডকাৰী

author-image
asomiyapratidin
New Update
জাতি নহয়, দৰিদ্ৰতাৰ আধাৰতহে সংৰক্ষণ কৰা উচিতঃ গাডকাৰী

ডিজিটেল ডেস্কঃ কৰ্ম সংস্থাপন আৰু কৰ্ম সংস্থাপনত থকা সংৰক্ষণ পদ্ধতিক লৈ এইবাৰ মুখ খুলিছে নৰেন্দ্ৰ মোডী চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰীয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শনিবাৰে মহাৰাষ্ট্ৰৰ মাৰাঠা আন্দোলনৰ এক সভাত ভাষণ প্ৰদান কৰি কয় যে সংৰক্ষণ মানেই কৰ্ম সংস্থাপনৰ গেৰেন্টি নহয়। তেওঁ দেশত কৰ্ম সংস্থাপন দিনক দিনে হ্ৰাস পোৱা বুলিও মন্তব্য কৰে।

Advertisment

শনিবাৰে মহাৰাষ্ট্ৰৰ ঔৰাংগাবাদত মাৰাঠা আন্দোলনৰ এক অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰীয়ে কয়, "কেৱল সংৰক্ষণ ব্যৱস্থাৰে কি হ'ব? সংৰক্ষণে কৰ্ম সংস্থাপনৰ গেৰান্টি ল'ব নোৱাৰে। কিয়নো দেশৰ চৰকাৰী-বেচৰকাৰী চাকৰিৰ সংখ্যা কমি আহিছে। সংৰক্ষণ কেৱল এক সামূহিক চিন্তাহে।যিয়ে দেশৰ দৰিদ্ৰ সম্প্ৰদায়ক সংস্থাপন দিয়াৰ বাবে বিবেচনা কৰে।"

তেওঁ কয়, "ধৰি লওঁক সংৰক্ষণ প্ৰদান কৰা হ'ল। কিন্তু চাকৰি ক'ত? চৰকাৰী চাকৰিৰ নিয়োগো বন্ধ হৈয়ে আছে। এনে ক্ষেত্ৰত নিৱনুৱাৰ সমস্যা বৃদ্ধি পোৱাটো স্বাভাৱিক।"

গাডকাৰীয়ে পুনৰ কয়, "আমাৰ বিবেচনাই কয়, দৰিদ্ৰ সদায় দৰিদ্ৰই। দৰিদ্ৰৰ কোনো জাতি নাই, দৰিদ্ৰৰ কোনো পন্থা বা ভাষা নাই। তেওঁ মুছলমান, হিন্দু বা শিখ যি সম্প্ৰদায়ৰে নহওঁক যদি তেওঁৰ ওচৰত পিন্ধিবলৈ কাপোৰ নাই আৰু দুবেলা দুমুঠি খাব পৰা নাই, তেন্তে তেওঁ দৰিদ্ৰ। তেওঁৰ বাবে চৰকাৰে চিন্তা কৰা উচিত। সংস্থাপনৰ সংৰক্ষণ জাতিৰ আধাৰত নহয়, দৰিদ্ৰতা আৰু অভাৱৰ আধাৰতহে কৰা উচিত।"

উল্লেখ্য যে, মহাৰাষ্ট্ৰত চৰকাৰী চাকৰি আৰু শিক্ষাত ১৬ শতাংশ সংৰক্ষণৰ দাবী উত্থাপন কৰি বিগত কেইবাদিনো ধৰি মাৰাঠা সমাজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আনকি ঔৰংগাবাদ, পুণে, নাচিক আৰু নতুন মুম্বাইত সংৰক্ষণৰ দাবীত একাংশ লোকে উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে। শতাধিক বাহনত অগ্নি সংযোগ কৰাৰ লগতে চৰকাৰী সম্পত্তিৰ ক্ষতিসাধন কৰি প্ৰতিবাদকাৰীয়ে হিংসাত্মক কাৰ্যকলাপত লিপ্ত হোৱা বুলিও বাতৰি সম্প্ৰচাৰিত হৈছে।

আনফালে, সংৰক্ষণৰ দাবী উত্থাপন কৰি মহাৰাষ্ট্ৰত প্ৰায় ৭ জন লোকে আত্মহত্যা কৰা বুলিও জানিব পৰা গৈছে। শেহতীয়াকৈ মহাৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় চৰকাৰৰৰ হস্তক্ষেপত মাৰাঠা সমাজে সংৰক্ষণক লৈ কৰা আন্দোলন উভটাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।