/asomiyapratidin/media/media_files/2025/01/17/yJoIdzaIB7QnRG8E8vsu.jpg)
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক ১৪ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। দুবছৰৰ পূৰ্বে জামিনত থকাৰ সময়তে আদালত চৌহদৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল ইমৰান খানক।
শুকুৰবাৰে পাকিস্তানৰ দুৰ্নীতি দমন আদালতে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তান-তেহৰিক-ই-ইনছাফ চমুকৈ পি টি আই দলৰ প্ৰতিষ্ঠাপক ইমৰান খানক আল কাদিৰ ট্ৰাষ্টৰ দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত কৰি ১৪ বছৰৰ কাৰাদণ্ড বিহিছে।
তাৰোপৰিক ইমৰানৰ পত্নী বুশ্বৰা বিবিকো এই গোচৰত দোষী সাব্যস্ত কৰা হৈছে। তেওঁক ৭ বছৰৰ কাৰাদণ্ড বিহিছে একেখন আদালতে।
উল্লেখ্য যে, ২০২৩ ৰ মে' মাহত ইমৰান খানক আদালত চৌহদৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ এই গ্ৰেপ্তাৰক পাকিস্তান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উমৰ আটা বন্দিয়ালে অবৈধ আখ্যা দিছিল।
ইয়াৰ পাছত লাহোৰ উচ্চ ন্যায়ালয়ে ইমৰান খানৰ জামিন আবেদনো মঞ্জুৰ কৰিছিল। কিন্তু ৰাষ্ট্ৰদ্ৰোহসহ একাধিক গোচৰত অভিযুক্ত পি টি আই প্ৰধানগৰাকীয়ে কাৰাগাৰৰ পৰা মুক্তি লাভ নকৰিলে।
আল কাদিৰ ট্ৰাষ্ট্ৰৰ নিৰ্মীয়মান বিশ্ববিদ্যালয়ৰ পৰা বেইআইনী ভাৱে ১৬৪৫ হাজাৰ কোটি টকা নিয়াৰ অভিযোগ প্ৰমাণিত হৈছিল ইমৰান খানৰ পত্নী বুশ্বৰাৰ বিৰুদ্ধে। পাকিস্তানৰ তদন্তকাৰী সংস্থা নেচনেল একাউণ্টিবিলিটি ব্যুৰো আছিল এই গোচৰটোৰ তদন্তৰ দায়িত্বত।
২০২৩ চনৰ ১ মে’ত ইমৰান খানৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল। তাৰ পাছতেই পাকিস্তানৰ অৰ্ধসেনা ৰেঞ্জাৰ্ছ বাহিনীয়ে তেওঁক আদালতৰ চৌহদৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল।
ইমৰান খানৰ গ্ৰেপ্তাৰৰ পাছৰে পৰা পি টি আইৰ সমৰ্থকসকলে দেশখনত প্ৰতিবাদেৰে অস্থিৰ পৰিস্থিতিৰো সৃষ্টি কৰিছে। এনে পৰিস্থিতিত এতিয়া পুনৰ যে, দেশখনত ইমৰান খানৰ সমৰ্থক তথা পি টি আইৰ কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব সেয়া নিশ্চিত। তেওঁলোকে অভিযোগ কৰি আহিছে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে ইমৰান খানক গ্ৰেপ্তাৰ কৰা হৈছে।
Former premier Imran Khan and his spouse Bushra Bibi on Friday were convicted in the £190m Al-Qadir Trust case with the PTI founder being sentenced to 14 years in prison and a seven-year jail term handed to his wife, reports Pakistan's Dawn news pic.twitter.com/AXeF0wrvX7
— ANI (@ANI) January 17, 2025