/asomiyapratidin/media/media_files/2025/04/30/k294km0vVUkjUvqkV20w.jpg)
ডিজিটেল ডেস্কঃ কলকাতাৰ বুৰাবজাৰাৰ এখন হোটেলত সংঘটিত হোৱা অগ্নিকাণ্ডত প্ৰায় ১৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে কলকাতা আৰক্ষীয়ে এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰিছে এক টাস্ক ফ’ৰ্চ।
অভিযোগ অনুসৰি ছয় মহলীয়া ৰিতুৰাজ নামৰ হোটেলখনৰ কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হৈছে। অগ্নিকাণ্ডৰ সময়ত হোটোলখনত নাছিল অগ্নি নিৰ্বাপনৰ কোনো সু-ব্যৱস্থা। যাৰ ফলত দ্ৰুত গতিত জুই বিয়পি পৰি এই কৰুণ ঘটনাৰ সৃষ্টি হ’ল।
উল্লেখ্য যে, আজি জগন্নাথ মন্দিৰ উদ্বোধনৰ অনুষ্ঠানত ভাগ লৈছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। অৱশ্যে তেওঁ গোটেই পৰিস্থিতি নিৰীক্ষণ কৰি আছে বুলি জানিব পৰা গৈছে।
মঙলবাৰে নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ পাছত অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰিলে যদিও পুৱালৈকে ১৪ জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। এই ঘটনাত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শোক প্ৰকাশ কৰিছে।
My heart goes out to the victims of the fire incident that took place at a private hotel (Rituraj) in Burra Bazar area.
— Mamata Banerjee (@MamataOfficial) April 30, 2025
I monitored the rescue and fire fight operations throughout the night and mobilised maximal fire brigade services in the area. 14 died eventually in total…
ঘটনা সম্পৰ্কত তেওঁ কয়, গোটেই নিশা ধৰি চলা উদ্ধাৰ অভিযানৰ ওপৰত তেওঁ দৃষ্টি ৰাখিছিল। এ এন আইৰ আগত প্ৰকাশ কৰা এক মন্তব্যত তেওঁ কয়, হোটেলখনৰ ভিতৰত জুই নুমুৱাবলৈ কোনো সামগ্ৰী জমা নথকাৰ বাবে মুঠ ১৪ জন লোকৰ মৃত্যু হৈছে। ইতিমধ্যে ইয়াৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।''
Continuing to monitor the fallout of the unfortunate fire incident at a private hotel (Rituraj) in the Burra Bazar area and appreciate the Fire Services' and police efforts in rescuing around 99 persons from out of most adverse circumstances.
— Mamata Banerjee (@MamataOfficial) April 30, 2025
Also thankful to the local people…
তৃণমূলৰ সাংসদ অভিষেক বেনাৰ্জীয়েও এক্স হেণ্ডেলৰ এটা পোষ্টত এই ঘটনাত শোক প্ৰকাশ কৰিছে। বিৰোধী দলপতি শুভেন্দু অধিকাৰীয়ে দাবী কৰিছে এই ঘটনা বিভিন্ন গাফিলতিৰ বাবে সংঘটিত হৈছে। তেওঁৰ মতে, সঠিক অগ্নিনিৰ্বাপক ব্যৱস্থা নথকাৰ বাবেই সমগ্ৰ ঘটনা সংঘটিত হৈছে।
ঘটনাৰ পিছতো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত প্ৰশাসন সক্ৰিয় নোহোৱাৰো অভিযোগ কৰিছে শুভেন্দুৱে। এক্স হেণ্ডেলৰ পোষ্টটোত তেওঁ পশ্মিমবংগৰ প্ৰশাসনে তিনি দিনীয়া ছুটি কটাবলৈ দীঘালৈ যোৱাৰ বাবেই এনে ঘটনা ঘটিবলৈ পালে বুলি অভিযোগ কৰিছে।
জানিব পৰা মতে বুৰাবজাৰত সংঘটিত এই অগ্নিকাণ্ডত মৃত্যু হোৱা ১৪ জনৰ ভিতৰত ১১ জন পুৰুষ, এগৰাকী মহিলা, আৰু দুটা শিশু। আৰক্ষীৰ সূত্ৰ অনুসৰি ১৪ জন লোকৰ ভিতৰত ৮ জনৰ মৃতদেহ চিনাক্ত কৰা হৈছে। বাকীসকলক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।
এই ঘটনাত আহত লোকৰ সংখ্যা ১৩ জন। ইয়াৰে ১২ জনক প্ৰাথমিক চিকিৎসাৰ অন্তত হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে। এজন আহত ব্যক্তি চিকিৎসালয়ত ভৰ্তি হৈ আছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃতকৰ পৰিয়াললৈ ২ লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। আঘাতপ্ৰাপ্ত লোকসকলক ক্ষতিপূৰণ হিচাপে ৫০ হাজাৰ টকা দিয়াৰ কথাও ঘোষণা কৰিছে।
কলকাতায় অগ্নিকান্ডে প্রাণহানির ঘটনায় আমি মর্মাহত। যারা প্রিয়জনদের হারিয়েছেন, তাঁদের সমবেদনা জানাচ্ছি এবং আহতদের দ্রুত আরোগ্য কামনা করছি।
— PMO India (@PMOIndia) April 30, 2025
প্রধানমন্ত্রী জাতীয় ত্রাণ তহবিল থেকে মৃতদের প্রত্যেকের নিকটাত্মীয়কে ২ লক্ষ টাকা করে এবং আহতদের ৫০,০০০ টাকা করে আর্থিক সহায়তা দেওয়া…
কলকাতাৰ মেয়ৰগৰাকীয়ে জনোৱা অনুসৰি এই ঘটনা কেনেদৰে সংঘটিত হ’ল তাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰা হৈছে। ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি দিনৰ ভাগতে ফৰেনছিকৰ দল এটাও ঘটনাস্থলীত উপস্থিত হোৱাৰ কথা। ফৰেনছিকৰ দলটোৱেও সমগ্ৰ ঘটনাৰ তদন্ত কৰিব।