হৃদয় বিদাৰকঃ প্ৰথম মহলাতএচি বিস্ফোৰণ, দ্বিতীয় মহলাত উশাহ বন্ধ হৈ শেষ হৈ গ’ল এটা পৰিয়াল

ফৰিদাবাদৰ গ্ৰীণ ফিল্ড কলণীৰ এটা ঘৰৰ প্ৰথম মহলাৰ এচি বিস্ফোৰণৰ ফলত সংঘটিত হয় এক অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ধোঁৱাই ওপৰৰ দ্বিতীয় মহলাক আৱৰি ধৰে।

author-image
Asomiya Pratidin
New Update
হৃদয় বিদাৰকঃ প্ৰথম মহলাতএচি বিস্ফোৰণ, দ্বিতীয় মহলাত উশাহ বন্ধ হৈ শেষ হৈ গ’ল এটা পৰিয়াল

ডিজিটেল ডেস্কঃ ফৰিদাবাদত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। ফৰিদাবাদৰ গ্ৰীণ ফিল্ড কলণীৰ এটা ঘৰৰ প্ৰথম মহলাৰ এচি বিস্ফোৰণৰ ফলত সংঘটিত হয় এক অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ধোঁৱাই ওপৰৰ দ্বিতীয় মহলাক আৱৰি ধৰে। ফলত দ্বিতীয় মহলাত শুই থকা এটা পৰিয়ালৰ কৰুণ মৃত্যু হয়। 

মৃত পৰিয়ালটোত আছিল স্বামী, স্ত্ৰী, কন্যা আৰু তেওঁলোকৰ এটা পোহনীয়া কুকুৰো। আনহাতে আন এটা কোঠাত সেই সময়ত শুই থকা তেওঁলোকৰ পুত্ৰই জীৱন ৰক্ষাৰ বাবে দ্বিতীয় মহলাৰ পৰা জাপ দিয়ে। ফলত তেওঁ অতি গুৰুতৰাভাৱে আহত হয়। তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। 

উল্লেখ্য যে, এই মৰ্মান্তিক ঘটনা গ্ৰীণ ফিল্ড কলণীৰ ৭৮৭ নম্বৰ ঘৰত পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত হয়। সেই সময়ত যেতিয়া সকলো গভীৰ নিদ্ৰাত আছিল, সেই সময়তে প্ৰথম মহলাত থকা এচিৰ বিস্ফোৰণ ঘটিছিল। 

এই অগ্নিকাণ্ডত ঘৰৰ সকলো সামগ্ৰী জ্বলি ছাই হৈ গৈছিল। অৱশ্যে প্ৰথম মহলাৰ যিটো পৰিয়ালৰ বাসগৃহত এই ঘটনা সংঘটিত হৈছিল সেই পৰিয়ালটোৰ জীৱন ৰক্ষা পৰে। ঘটনাত নিহত হোৱা পৰিয়ালটোৰ মুৰব্বীগৰাকীৰ নাম শচীন কাপুৰ। তাৰোপৰি ঘটনাত মৃত্যু হোৱা তেওঁৰ পত্নী, কন্যাৰ নাম আছিল ৰিংকু কাপুৰ আৰু সুজান কাপুৰ। 

এই ঘটনাৰ খবৰ পোৱাৰ পিছতে স্থানীয় আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। উদ্ধাৰকাৰীয়ে পৰিয়ালটোৰ সকলোৰে মৃতদেহ উদ্ধাৰ কৰে। তাৰ পাছতেই আৰক্ষীয়ে সকলোৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ফৰিদাবাদৰ বাদশ্বাহ খান চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে। বৰ্তমান তেওঁলোকৰ মৃতদেহসমূহ হাস্পতালৰ মৰ্গতে ৰখা হৈছে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

বিস্ফোৰণ অগ্নিকাণ্ড