ডিজিটেল ডেস্কঃ আজি পুনৰ ছত্তিশগড়ত সংঘটিত হয় এক এনকাউণ্টাৰৰ ঘটনা। এই ঘটনাত ৩ জনকৈ মাওবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে এতিয়ালৈ এই তিনি মাওবাদীৰ পৰিচয় জানিব পৰা হোৱা নাই।
Chhattisgarh | Sukma - Bijapur border encounter update: "Bodies of 3 naxals and weapons recovered. Search operation is still underway," says SP Sukma Kiran Chavan
— ANI (@ANI) January 9, 2025
ছত্তিশগড়ৰ ছুকমাত আজি পুৱা সংঘটিত হোৱা এনকাউণ্টাৰৰ সন্দৰ্ভত জিলাখনৰ আৰক্ষী অধীক্ষক কিৰণ চাৱনে কয় যে, ছুকমা আৰু বিজাপুৰৰ সীমান্তত সংঘটিত হোৱা এনকাউণ্টাৰস্থলীৰ পৰা ৩ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। অঞ্চলটোত সুৰক্ষা বাহিনীৰ অভিযান অব্যাহত আছে।
ঘটনা সন্দৰ্ভত ছত্তিশগড়ৰ উপ-মুখ্যমন্ত্ৰী বিজয় শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ছুকমাত সুৰক্ষাকৰ্মীসকলৰ অভিযানে সফলতা লাভ কৰিছে। আজি ৩ জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ হৈছে। মাওবাদীৰ বিৰুদ্ধে তেওঁলোকৰ অভিযান অব্যাহত আছে।
#WATCH | On ongoing encounter between security forces and naxals in Sukma, Chhattisgarh Deputy CM Vijay Sharma says, "Security forces have had success in their operations in Sukma. Today, the bodies of 3 naxals have been recovered from there. Search operation is continuing… pic.twitter.com/gAICfGw6pN
— ANI (@ANI) January 9, 2025
উল্লেখ্য যে, শেহতীয়াকৈ মাওবাদীৰ আক্ৰমণত ছত্তিশগড়ত কেইবাজনো সেনা জোৱানে প্ৰাণ হেৰুৱাইছিল। যোৱা ৬ জানুৱাৰীত ছত্তিশগড়ৰ বিজাপুৰত আই ই ডি বিস্ফোৰণৰ ফলত ৯ গৰাকী ডি আৰ ডি জোৱান ছহিদ হৈছিল।
তাৰ পূৰ্বে ছত্তিশগড়ত নিৰাপত্তা বাহিনী আৰু আৰক্ষীৰ যুটীয়া অভিযানত চাৰি জনকৈ মাওবাদী নিহত হৈছিল।
এই ঘটনা এনে এক সময়ত সংঘটিত হৈছিল যিসময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছত্তিশগড়ত মাওবাদীক নিয়ন্ত্ৰণ কৰাত সফল হৈছে বুলি উল্লেখ কৰি ৰাজহুৱাকৈ প্ৰশংসা কৰিছিল। তাৰোপৰি ২০২৫ ত ছত্তিশগড়ক মাওবাদী মুক্ত কৰাৰ কথাও ঘোষণা কৰিছিল।