Advertisment

উপ-মুখ্যমন্ত্ৰী হ'ব একনাথ সিন্দে, সাজু হৈছে শপত ল'বলৈ...

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে একনাথ সিন্দে। বুধবাৰে সিন্দেয়ে এই পদ গ্ৰহণৰ বাবে সন্মতি প্ৰদান কৰি সকলো চৰ্চা, বিতৰ্কৰ অৱসান ঘটালে।

author-image
Tushar Pratim
New Update
উপ-মুখ্যমন্ত্ৰী হ'ব একনাথ সিন্দে, সাজু হৈছে শপত ল'বলৈ...

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু হৈছে একনাথ সিন্দে। বুধবাৰে সিন্দেয়ে এই পদ গ্ৰহণৰ বাবে সন্মতি প্ৰদান কৰি সকলো চৰ্চা, বিতৰ্কৰ অৱসান ঘটালে।

Advertisment

বৃহস্পতিবাৰে মুম্বাইৰ আজাদ মৈদানত দেৱেন্দ্ৰ ফাডনাৱিছে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণৰ পাছতে একনাথ সিন্দেয়ে উপ-মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে আজি দেৱেন্দ্ৰ ফাডনাৱিছক মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰাৰ লগতে তেওঁক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়।

বৃহস্পতিবাৰে এন চি পিৰ নেতা অজিত পাৱাৰেও উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে প্ৰায়সকল কেন্দ্ৰীয় মন্ত্ৰী, বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল, মিত্ৰদলৰ নেতাসকল উপস্থিত থাকিব। এই শপত গ্ৰহণ অনুষ্ঠানৰ নিৰাপত্তাৰ দায়িত্বত নিয়োগ কৰা হৈছে প্ৰায় ৪ হাজাৰ আৰক্ষীক।

শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বিজেপি, এন চি পি আৰু শিৱ সেনাৰ হাজাৰ হাজাৰ কৰ্মী, সমৰ্থক। বিজেপিৰেই ৪০ হাজাৰ সমৰ্থক এই অনুষ্ঠানত উপস্থিত থকাৰ কথা। ভি আই পিৰ বাবে মুঠ ২ হাজাৰ আসন সংৰক্ষণ কৰা হৈছে।

শপতগ্ৰহণ অনুষ্ঠানত কেৱল মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাডনাৱিছে আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দে, অজিত পাৱাৰে শপতগ্ৰহণ কৰিব। অন্যান্য মন্ত্ৰীসকলে ৭ ডিচেম্বৰ আৰু ৯ ডিচেম্বৰত শপতগ্ৰহণ কৰিব। তাৰ পাছত মহাৰাষ্ট্ৰৰ বিধানসভাৰ প্ৰথমখন অধিবেশন ১৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। 

দেৱেন্দ্ৰ ফাডনাভিছ একনাথ সিন্দে মহাৰাষ্ট্ৰ