ডিজিটেল ডেস্কঃ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগে (DPIIT) ১৬ জানুৱাৰীত ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উদযাপন কৰিব। সেই উপলক্ষে বিভাগে ভাৰতত ষ্টাৰ্টআপে প্ৰদৰ্শন কৰা পৰিসংখ্যা প্ৰকাশ কৰিছিল।
২০১৬ চনত ভাৰতত ষ্টাৰ্টআপ ইণ্ডিয়া আৰম্ভ হোৱাৰ পাছত ২০২৪ লৈকে যোৱা ৯ বছৰত পঞ্জীয়নভুক্ত ষ্টাৰ্টআপৰ সংখ্যা হৈছেগৈ ১৫৭,০০০। ষ্টাৰ্টআপ ইণ্ডিয়া আৰম্ভ হোৱাৰ সময়ত ভাৰতত মুঠ ষ্টাৰ্টআপৰ সংখ্যা আছিল কেৱল ৪০০।
তাৰোপৰি পৰি ২০১৬ ত দেশত মুঠ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল মিলাই ৪ খনতহে ষ্টাৰ্টআপ ব্যৱস্থা আছিল। কিন্তু বৰ্তমান ই ৩১ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰ্যবেক্ষিত হৈছে।
বিভাগে প্ৰকাশ কৰা মতে ভাৰতৰ ষ্টাৰ্টাআপসমূহে এতিয়া মুঠ ১১৫ বিলিয়ন আমেৰিকান ডলাৰৰ পুঁজি সংগ্ৰহ কৰিছে। ২০১৬ ত এই সংখ্যা আছিল মাত্ৰ ৮ বিলিয়ন ডলাৰ। বিভাগৰ মতে ভাৰতৰ এই ষ্টাৰ্টআপসমূহে ১.৭ মিলিয়ন চাকৰি সৃষ্টি কৰিছে।
আনহাতে বিভাগে ইউনিকৰ্ণৰ সন্দৰ্ভত কয় যে, ২০১৬ ৰ ১১৮ ইউনিকৰ্ণৰ পৰা ২০২৪ ত ১১৮ লৈ বৃদ্ধি হৈছে।ইউনিকৰ্ণবোৰ মূলতঃ কমেও এক বিলিয়ন ডলাৰৰ ষ্টাৰ্টআপ আৰু এতিয়াও ৰাজহুৱা বিনিময়ত তালিকাভুক্ত হোৱা নাই।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধীনৰ চৰকাৰে উদ্ভাৱন, ষ্টাৰ্টআপ আৰু দেশৰ ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰত বিনিয়োগক উৎসাহিত কৰাৰ বাবে এক শক্তিশালী পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ উদ্দেশ্যৰে ১৬ জানুৱাৰী, ২০১৬ ত ষ্টাৰ্টআপ ইণ্ডিয়া উদ্যোগ আৰম্ভ কৰিছিল।
ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰক সুস্থিৰ তথা উৎসাহিত কৰিবলৈ চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণো কৰিছে। তাৰ ভিতৰত আছে Startup India Seed Fund Scheme, Fund of Funds for Startups, Credit Guarantee Scheme for Startups আদি। তাৰোপৰি আছে ৩ বছৰৰ বাবে আয়কৰ ৰেহাই, faster Exit for Startups, Support for Intellectual Property Protection আঁচনি।
১ এপ্ৰিল, ২০১৬ ৰ পাছত যিসমূহ ষ্টাৰ্টআপ পঞ্জীয়নভুক্ত হৈছে সেইসমূহে এই আঁচনিৰ অধীনতে আয়কৰ ৰেহাইৰ বাবে আবেদন কৰাৰ সুযোগ আছে। আন্তঃ-মন্ত্ৰালয় ব'ৰ্ড প্ৰমাণপত্ৰ লাভ কৰা বা স্বীকৃত ষ্টাৰ্টআপবোৰক অন্তৰ্ভুক্তিৰ পৰা ১০বছৰৰ ভিতৰত একেৰাহে ৩ বছৰৰ বাবে আয়কৰৰ পৰা ৰেহাই দিয়া হয়।