/asomiyapratidin/media/media_files/2025/05/10/1v3hKjmgW6xBeP6EUNbN.jpg)
ডিজিটেল ডেস্কঃ দিল্লী ইণ্টাৰনেচনেল এয়াৰপোৰ্ট লিমিটেড চমুকৈ DIAL এ দিল্লী বিমান বন্দৰৰ সন্দৰ্ভত প্ৰচাৰিত ভুৱা খবৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উল্লেখ্য যে, দিল্লী বিমান বন্দৰ পাকিস্তানে ফাতেহ-২ মিছাইলৰ জৰিয়তে লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ লগতে এই আক্ৰমণত বহু লোক নিহত হোৱাৰ ভুৱা খবৰ প্ৰচাৰিত হৈছে।
এই ভুৱা খবৰক নিন্দা কৰিছে দিল্লী ইণ্টাৰনেচনেল এয়াৰপোৰ্ট লিমিটেডে। এই সন্দৰ্ভত দিল্লী ইণ্টাৰনেচনেল এয়াৰপোৰ্ট লিমিটেডৰ মুখপাত্ৰই কয় যে, পাকিস্তানে ফাতেহ-২ মিছাইল ব্যৱহাৰ কৰি দিল্লী বিমানবন্দৰত সফল আক্ৰমণৰ ভুৱা দাবী কৰা হৈছে। এই দাবী সম্পূৰ্ণৰূপে অসত্য আৰু বিভ্ৰান্তিকৰ।
🚨 Missile Attack on Delhi Airport?
— PIB Fact Check (@PIBFactCheck) May 10, 2025
An old video is being falsely shared as footage of a missile strike on New Delhi Airport.#PIBFactCheck
❌ This video shows a gas station explosion in Aden, Yemen, from August 2024.
✅ It has no connection to the current India–Pakistan… pic.twitter.com/pFqfDO50nm
ইণ্টাৰনেচনেল এয়াৰপোৰ্ট লিমিটেডে এক্স হেণ্ডেলৰ জৰিয়তেও এই খবৰ দায়িত্বহীন আৰু উচতনিমূলক বুলি আখ্যা দিছে। এই সন্দৰ্ভত তেওঁ কয় যে, “আমাৰ দৃঢ়ভাৱে এই ধৰণৰ দায়িত্বহীন আৰু উচতনিমূলক খবৰৰ বিৰুদ্ধে আপত্তি জনাইছোঁ। অনুগ্ৰহ কৰি এনে ভুৱা তথ্য প্ৰচাৰ কৰাৰ পৰা বিৰত থাকক। যাত্ৰী আৰু জনসাধাৰণক অনুৰোধ জনোৱা হৈছে যেন কেৱল স্বীকৃত চৰকাৰী উৎসৰ পৰা প্ৰাপ্ত তথ্যৰ ওপৰতহে বিশ্বাস কৰিব।”
উল্লেখ্য যে, দিল্লী বিমান বন্দৰ মিছাইল আক্ৰমণেৰে উৰুৱাই দিয়াৰ যি ভিডিঅ' শ্বেয়াৰ হৈছে সেই ভিডিঅ' ২০২৪ চনত য়েমনৰ এটা গেছ ষ্টেচনৰ বিস্ফোৰণৰ হে ভিডিঅ'। অৱশ্যে তাৰ মাজতেই দেশৰ অন্যান্য বিমান বন্দৰৰ লগতে দিল্লী বিমান বন্দৰৰো সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে।
DIAL (Delhi International Airport Limited) Spokesperson says - We've received many such mentions wherein it is mentioned that Pakistan successfully targeted Delhi Airport with Fateh-2 missile and there are many casualties. We've responded on the tweets with the below approved…
— ANI (@ANI) May 10, 2025