/asomiyapratidin/media/media_files/2025/01/18/IwACBuA7xpLTcE17APG5.jpg)
ডিজিটেল ডেস্কঃ দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ পৰ্ব অন্ত পৰিল। ১৭ জানুৱাৰীৰ মনোনয়ন দাখিলৰ অন্তিম দিনটোলৈকে দিল্লীত মুঠ ৯৮১ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ। ইয়াৰে ৬৮০ খন মনোনয়ন পত্ৰই অন্তিম দিনটোত দাখিল হৈছে। আজি এই সকলো মনোনয়ন পৰীক্ষা কৰা হ’ব। প্ৰাৰ্থীসমূহৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২০ জানুৱাৰী।
981 candidates have filed a total of 1,521 nomination papers for the Delhi Assembly elections. On the last date of filing nominations, 17th January, a total of 680 nomination papers were filed. The scrutiny of candidates is to be done today, while the last date for withdrawal of… pic.twitter.com/Ltd6HfL8cD
— ANI (@ANI) January 18, 2025
উল্লেখ্য যে, ৭০ খন আসনৰ দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হব ৫ ফেব্ৰুৱাৰীত। দিল্লী নিৰ্বাচনক লৈ দেশৰ ৰাজনীতি গৰম হৈ আছে। এইবাৰ দিল্লীত শাসকীয় আম আদমি পাৰ্টিৰ লগতে বিজেপিয়ে সৰ্কশক্তি প্ৰয়োগ কৰি নিৰ্বাচনত জপিয়াই পৰিছে। কংগ্ৰেছেও দিল্লীত এইবাৰ হেৰুৱা মৰ্যাদা উদ্ধাৰৰ বাবে যুঁজত নামিছে।
কেন্দ্ৰত মিত্ৰতাত থকা আপ আৰু কংগ্ৰেছ এতিয়া দিল্লীত সমুখ সমৰত নামিছে। আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মাজতো আৰম্ভ হৈছে বাকযুদ্ধ। অহা ২০ জানুৱাৰীত দিল্লীত এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে।
কংগ্ৰেছে কেজৰিৱালৰ বিৰুদ্ধে নতুন দিল্লী বিধানসভা সমষ্টিত এইবাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ পুত্ৰ সন্দীপ দীক্ষিতক। এই সমষ্টিটোৰ লগতে জঙ্গপুৰা আৰু কালকাজি বিধানসভা সমষ্টিত ২০ জানুৱাৰীত পদযাত্ৰাত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধীয়ে।
এই দুটা সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দিল্লীৰ প্ৰাক্তন উপ-মুথ্যমন্ত্ৰী মনিষ চিছোদিয়া আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশীক। ৰাহুল গান্ধীয়ে আপৰ শীৰ্ষ নেতাৰ বিৰুদ্ধেই এইদৰে সমুখ সমৰত লিপ্ত হোৱা বিষয়টোক লৈ ৰাজনৈতিক মহলত সৰৱ চৰ্চা চলিছে। বহুতেই ইণ্ডিয়া মিত্ৰজোঁটক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে।
একেই অৱস্থা বিজেপিৰো। বিজেপিয়ে আপ বিৰোধীসকলো দলৰ সৈতে সমিলমিলেৰে দিল্লীত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল যদিও শেষ মুহূৰ্তত এন ডি এৰ অংশীদাৰ দল এন চি পিয়ে ৩০ টাকৈ সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে। ইয়াৰ পূৰ্বে দলটোৱে ১১ খন আসনত প্ৰাৰ্থী ঘোষণা কৰিছিল।
NCP releases a list of 30 candidates for the upcoming #DelhiElection2025 pic.twitter.com/3QsCAMrgFv
— ANI (@ANI) January 17, 2025
মহাৰাষ্ট্ৰত বিজেপি চৰকাৰৰ অংশীদাৰ হোৱাৰ লগতে উপ-মুখ্যমন্ত্ৰী হৈ থকাৰ পাছতো অজিত পাৱাৰে দিল্লীত মিত্ৰতা ভংগ কৰি মুঠ ৪১ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰা বিষয়টো বিজেপি এন ডি এ শিবিৰৰ বাবে উদ্বেগজনক খবৰ হৈ পৰিছে। বহুতেই পূৰ্বানুমান কৰি থকাৰ দৰেই অজিত পাৱাৰ পুনৰ শাৰদ পাৱাৰৰ কাষলৈ ঘূৰি আহিবনে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে। কেৱল এন চি পিয়েই নহয়, দিল্লীত এন ডি এৰ আন এটা মিত্ৰদল ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়ায়ো ১৫ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।