মৰ্মান্তিক! শ্মশানৰ দেৱাল খহি ৪ জনৰ মৃত্য়ু...

মৰ্মান্তিক! শ্মশানৰ দেৱাল খহি ৪ জনৰ মৃত্য়ু...

author-image
Asomiya Pratidin
New Update
মৰ্মান্তিক! শ্মশানৰ দেৱাল খহি ৪ জনৰ মৃত্য়ু...

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ গুৰুগ্ৰামত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। গুৰুগ্ৰামৰ অন্তৰ্গত মদনপুৰী শ্মশানৰ দেৱাল খহি ৪ জন লোকৰ মৃত্যু হয়। লগতে দুৰ্ঘটনাটোত আহত হয় কেইবাজনো লোক। তথ্য অনুসৰি,মদনপুৰী শ্মশানৰ প্ৰায় ১৫ ফুট ওখ দেৱালৰ কাষত বহি আছিল কেইজনমান লোক। কাষতে কামত ব্যস্ত আছিল অন্য কেবাজনো লোক। হঠাতে শ্মশানৰ দেৱালখন লোক কেইজনৰ ওপৰত বাগৰি পৰাত ৪ জন লোকৰ মৃত্যু হয়। ইতিমধ্যে আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে,স্থানীয় লোকৰ সহায়ত ৪ টা কৈ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত লোক কেইজন ক্ৰমে তান্যা(১১),দেবী দয়াল(৭০),মনোজ গাবা(৫৪) আৰু কৃষ্ণ কুমাৰ(৫২)। ঘটনা সংঘটিত হোৱা লগে লগে আৰক্ষীক উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

Also Read: মনিপুৰত সন্ত্ৰাসবাদীৰ গুলিত নিহত আছাম ৰাইফলছৰ জোৱান

wall collapse gurugram Gurugram incident Cremation Wall Collapse