Advertisment

প্ৰকৃত স্বাধীনতা দিৱস ২২ জানুৱাৰী! মোহন ভগৱতৰ মন্তব্যক দেশদ্ৰোহী আখ্যা

২০২৪ ৰ ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হৈছিল অযোধ্যাৰ ৰাম মন্দিৰৰ। তাৰ ঠিক এবছৰৰ পিছত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰসংঘচালক মোহন ভগৱতে ১৫ আগষ্টৰ পৰিৱৰ্তে ভাৰতৰ প্ৰকৃত স্বাধীনতা দিৱস ২২ জানুৱাৰী বুলিহে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে।

author-image
Asomiya Pratidin
New Update
প্ৰকৃত স্বাধীনতা দিৱস ২২ জানুৱাৰী! মোহন ভগৱতৰ মন্তব্যক দেশদ্ৰোহী আখ্যা

ডিজিটেল ডেস্কঃ ২০২৪ ৰ ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা হৈছিল অযোধ্যাৰ ৰাম মন্দিৰৰ। তাৰ ঠিক এবছৰৰ পিছত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সৰসংঘচালক মোহন ভগৱতে ১৫ আগষ্টৰ পৰিৱৰ্তে ভাৰতৰ প্ৰকৃত স্বাধীনতা দিৱস ২২ জানুৱাৰী বুলিহে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে।

Advertisment

 

মোহন ভগৱতৰ এই মন্তব্যক কেন্দ্ৰ কৰি অব্যাহত থকা প্ৰতিক্ৰিয়া আৰু বিতৰ্কক নতুন মাত্ৰা প্ৰদান কৰিলে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতাই মোহন ভগৱতৰ মন্তব্যক দেশদ্ৰোহীও আখ্যা দিছে।

 

মমতা বেনাৰ্জীয়ে এক সংবাদ মেলত তেওঁৰ প্ৰতিক্ৰিয়াত কয় যে, মই নাজানো, তেওঁ জানি বুজি এই মন্তব্য কৰিছে নে নজনাকৈ এই মন্তব্য কৰিছে। এয়া এক দেশদ্ৰোহী মন্তব্য। মই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো আৰু এই মন্তব্যক প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছো।

 

কেৱল ইমানেই নহয়, দেশৰ স্বাধীনতা সংগ্ৰামত বংগৰ ভূমিকাৰ কথাও তেওঁ পুনৰ এবাৰ দোহাৰিলে এই প্ৰসংগতে। তেওঁ কয়, কোনো দলে স্বাধীনতা আন্দোলনৰ ইতিহাস কেতিয়াবা বিকৃত কৰিব পাৰে? এইসকলোবোৰ অতি বিপদজনক কথা।

 

তেওঁ কয়, ইতিমধ্যে বহু ইতিহাসৰ অনেক অধ্যায় বিকৃত কৰা হৈছে। সংবিধানৰ বহু অধ্যায় সলনি কৰা হৈছে। কিন্তু এনেকুৱা কেতিয়াবা হ'ব বুলি আমি ধাৰণাই কৰা নাছিলো। আমাৰ বাবে স্বাধীনতা দিৱস মানে ১৯৪৭ চনৰ ১৫ আগষ্ট। এয়া আমাৰ গৰ্ব।

 

আনহাতে শিৱ সেনা (উদ্ধৱ ঠাকৰে) ৰ সাংসদ সঞ্জয় ৰাউটেও মোহন ভগৱতৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, দেশৰ সংবিধান মোহন ভগৱতে লিখা নাছিল আৰু ৰাম লালাক আৰ এছ এছে অনা নাই। 

 

তেওঁ কয়, মোহন ভগৱতে কোৱা কথাবোৰ ভুল। অযোধ্যাত ৰাম লালা হাজাৰ হাজাৰ বছৰ ধৰি আছিল। আমিও ৰাম মন্দিৰৰ বাবে যুঁজ দিছিলো। ৰাম মন্দিৰক লৈ কোনো ৰাজনীতি হোৱা উচিত নহয়।