'কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতাই চোৰ কৰি মনে মনে পাকিস্তানলৈ গৈছিল'- সম্বিত পাত্ৰ

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ, লোকসভাৰ বিৰোধী দলপতি গৌৰৱ গগৈৰ বিৰুদ্ধে ড০ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা পাকিস্তান সম্পৰ্কৰ বিষয়টোৱে ৰাষ্ট্ৰীয় স্তৰতো চৰ্চাৰ মাজলৈ আহিছে।

author-image
Tushar Pratim
New Update
'কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতাই চোৰ কৰি মনে মনে পাকিস্তানলৈ গৈছিল'- সম্বিত পাত্ৰ

ডিজিটেল ডেস্কঃ অসমৰ ৰাজনীতি গৰম কৰি থকা যোৰহাট  লোকসভা সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰা পাকিস্তান সম্পৰ্কৰ বিষয়টোৱে এইবাৰ ৰাষ্ট্ৰীয় স্তৰতো চৰ্চাৰ মাজলৈ আহিছে। বিজেপিৰ সাংসদ সম্বিত পাত্ৰই আজি নতুন দিল্লীত এক সংবাদ মেল সম্বোধন কৰাৰ সময়ত গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈয়ে হিমন্ত বিশ্ব শৰ্মাই উত্থাপিত অভিযোগৰ কথা কৈ এয়া ৰাষ্ট্ৰৰ বাবে এক গভীৰ চিন্তাৰ বিষয় বুলি মন্তব্য কৰিছে।

Advertisment

উল্লেখ্য যে, পুলৱামা কাণ্ডৰ পাছত ভাৰতে পাকিস্তানৰ মাটিত প্ৰৱেশ কৰি ছাৰ্জিকেল ষ্ট্ৰাইক কৰা নাছিল বুলিও কংগ্ৰেছ সাংসদ চৰণজিৎ সিং চান্নীয়ে কৰা দাবীৰ পাছতে সম্বিত পাত্ৰই কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। তেওঁ কংগ্ৰেছ ৱৰ্কিং কমিটীক পাকিস্তান ৱৰ্কিং কমিটী আখ্যা দিছে।

তেওঁ চৰণজিৎ সিং চান্নীৰ দাবীৰ কথা উল্লেখ কৰি সম্বিত পাত্ৰই কয় যে, এনে বক্তব্যই ভাৰতীয় সেনা আৰু বায়ুসেনাৰ মনোবল হ্ৰাস কৰে। তেওঁ অভিযোগ কৰিছে পেহেলগামৰ ঘটনাই যিসময়ত দেশবাসীক শোকাহত কৰিছে সেই সময়ত কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰিছে।

এই সংবাদ মেলতেই তেওঁ  গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কক লৈ চলি থকা বিতৰ্কৰ প্ৰসংগও টানি আনে। তেওঁ কয়, শেহতীয়াকৈ এক সাক্ষাৎকাৰত হিমন্ত বিশ্ব শৰ্মাই কোৱা মই শুনিছো, কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই আত্তাৰী ব'ৰ্ডাৰ অতিক্ৰম কৰি পাকিস্তানত ১৫ দিন আছিল। তেওঁ ধৰা নপৰিবলৈ বিমানত উঠা নাছিল।চোৰ কৰি, মনে মনে আত্তাৰী ব'ৰ্ডাৰ পাৰ হৈ পাকিস্তানলৈ গৈছিল। তেওঁ ইছলামাবাদত ১৫ দিন আছিল। হিমন্ত বিশ্ব শৰ্মাই আৰু কৈছিল তেওঁৰ সন্তান ভাৰতৰ বাসিন্দা নহয়। এয়া এক গভীৰ উদ্বেগৰ বিষয়। 

 

পাকিস্তান ড০ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ