২৬ নিৰ্বাচনত হিমন্ত চৰকাৰ পতনৰ বাবে যৌথ নেতৃত্বৰ মন্ত্ৰ দিলে AICC এ

দিল্লীত অনুষ্ঠিত অসম কেন্দ্ৰিক হাই ভল্টেজ কংগ্ৰেছৰ বৈঠক সমাপ্ত। বৈঠকত ২০২৬ ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত এ পি চি চিক কেইবাটাও মন্ত্ৰণা দিলে ৰাষ্ট্ৰীয় নেতৃত্বই।

author-image
Asomiya Pratidin
New Update
২৬ নিৰ্বাচনত হিমন্ত চৰকাৰ পতনৰ বাবে যৌথ নেতৃত্বৰ মন্ত্ৰ দিলে AICC এ

ডিজিটেল ডেস্কঃ দিল্লীত অনুষ্ঠিত অসম কেন্দ্ৰিক হাই ভল্টেজ কংগ্ৰেছৰ বৈঠক সমাপ্ত। এ আই চি চিৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ, ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক কে চি বেণুগোপালৰ উপস্থিতিত বিয়লি ৪ বজাৰ পৰা ৩ ঘণ্টা জোৰা এই বৈঠকত উপস্থিত আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিসহ অসমৰ কংগ্ৰেছৰ প্ৰায় সকলো সাংসদ, প্ৰাক্তন, সাংসদ, বিধায়ক আৰু ভগ্নী দলৰ মুৰব্বীসকল।

Advertisment

সভাত বিষয়বাবক লৈ দলৰ আভ্যন্তৰত গঢ় লোৱা অসন্তুষ্টিয়ে তৃণমূল পৰ্যায়ত হতাশ কৰা বিষয়টোত সৰ্বাধিক গুৰুত্ব দিয়া হয়। এই কথা মল্লিকাৰ্জুন খাৰ্গেসহ যুৱৰাজ ৰাহুল গান্ধীয়ে স্পষ্ট কৰি দিয়ে যে, ঐক্যবদ্ধ শক্তিৰে যুঁজ দিব পাৰিলেহে আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ কংগ্ৰেছে চৰকাৰ গঠন কৰাটো নিশ্চিত হব।

সেয়ে নিৰ্দিষ্ট বিষয়ববীয়াৰ গাত সফলতা, বিফলতাৰ দায়িত্ব এৰি দি কোনেও যাতে প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো আগন্তুক নিৰ্বাচনৰ সুযোগ লোৱাৰ ক্ষেত্ৰত বিফলতাৰ সুৰুঙা উলিয়াই নিদিয়ে তাৰ বাবেও সকলোকে সতৰ্ক কৰি দিয়ে। উল্লেখ্য যে, বৈঠকখনত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া, লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈ, ৰাজ্যৰ পৰ্যবেক্ষক হিচাপে থকা এ আই চি চিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ উপৰিও মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, সাংসদ প্ৰদ্যুত বৰদলৈ, ৰকিবুল হুছেইন, প্ৰাক্তন সাংসদ ৰিপুন বৰা, আব্দুল খালেক, জ্যেষ্ঠ কংগ্ৰেছী হাফিজ ৰচিদ আহমেদ চৌধুৰী, বিধায়ক শিৱামণি বৰা, নন্দিতা দাস, জাকিৰ হুছেইন শিকদাৰ, ৱাজেদ আলি চৌধুৰী, প্ৰাক্তন বিধায়িকা ৰজলীনা তিৰ্কী, যুৱ কংগ্ৰেছৰ সভাপতি জুৱেইৰ আনম আদি প্ৰত্যকৰ সৈতে ৰাহুল গান্ধীয়ে পোনপটিয়া মতামত লয়।

ইফালে বৈঠকৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, ২০২৬ৰ নিৰ্বাচনত যৌথ নেতৃত্বৰে যুঁজ দিয়াৰ বাবে আমক কেন্দ্ৰিয় নেতৃত্বই বৈঠকত নেতৃত্ব দিছে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰেই হব নিৰ্বাচনত আমাৰ মূল ইছ্যু। লক্ষ্যণীয়ভাৱে তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনিৰ বিষয়ে সভাত কোনো আলোচনা হোৱা বুলিও স্পষ্ট কৰি দিয়ে।

আনহাতে বিজেপি বিৰোধী সকলো শক্তিৰ সৈতে মিত্ৰতাৰ দুৱাৰ খোলা ৰখাৰ বিষয়েও স্পষ্ট নিৰ্দেশনা দিয়া হৈছে। বিৰোধী দলপতি দেবব্ৰত শইকীয়াইও ২০২৬ ৰ নিৰ্বাচনৰ বাবে আজিৰ বৈঠকতেই দলটোক সম্পূৰ্ণ সাজু কৰাৰ সিদ্ধান্ত হোৱা বুলি জানিবলৈ দি মুখ্যমন্ত্ৰীৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰেই মূল ইছ্যু হব বুলি স্পষ্ট কৰে।

আনহাতে জীতেন্দ্ৰ সিঙেও সভাপতি সলনিৰ প্ৰসংগত আলোচনা হোৱাৰ কথা অস্বীকাৰ কৰি কয় যে এই বৈঠকত অসমৰ ৰাইজে পৰিবৰ্তন বিচৰাৰ বিষয়টোৱেহে গুৰুত্ব লাভ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৰা দুৰ্নীতিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰা ৰাইজৰ সৈতে লগলাগি কংগ্ৰেছে আগন্তুক নিৰ্বাচনৰ জৰিয়তে পৰিবৰ্তনৰ এই আশা পূৰণৰ বাবে ঐক্যবদ্ধ হৈ চেষ্টা চলাব।

বিজেপি বিৰোধী দলসমূহৰ লগত মিত্ৰতা কিদৰে হব সেই বিষয়ে প্ৰদেশ কংগ্ৰেছে চূড়ান্ত কৰা নীতি কেন্দ্ৰীয় নেতৃত্বই অগ্ৰাধিকাৰ ভিত্তিত বিবেচনা কৰিব বুলিও এই নেতাসকলে জানিবলৈ দিয়ে। অৱশ্যে বৰ্তমানলৈকে আজিৰ বৈঠক সন্দৰ্ভত অসমৰ বলিষ্ঠ প্ৰতিনিধি গৌৰৱ গগৈয়ে কোনো মন্তব্য প্ৰকাশ কৰা নাই।

ৰাহুল গান্ধী কংগ্ৰেছ গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ