/asomiyapratidin/media/media_files/2025/05/26/b4vGe09nyXY7ygf7KiwK.jpg)
ডিজিটেল ডেস্ক সোমবাৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বডোদৰাৰ পৰা দুদিনীয়া গুজৰাট ভ্ৰমণসূচী আৰম্ভ কৰিছে। এই ভ্ৰমণৰ সময়ত তেওঁ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে আন কেতবোৰ অনুষ্ঠানতো অংশগ্ৰহণ কৰিছে।
তেওঁৰ এই ভ্ৰমণসূচীৰ সময়ত তেওঁক আদৰণি জনাবলৈ পথৰ দুয়োকাষে যি বৃহৎ জনসমাগম পৰিলক্ষিত হৈছিল তাৰ ভিতৰত দেখিবলৈ পোৱা গ’ল চৰ্চিত সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বিৰ পৰিয়ালৰ সদস্যকো।
#WATCH | Gujarat: Family members of Indian Army officer Colonel Sofiya Qureshi, shower flower petals as Prime Minister Narendra Modi holds a roadshow in Vadodara, Gujarat
— ANI (@ANI) May 26, 2025
During his 2-day visit to Gujarat, PM Modi will inaugurate and lay the foundation stones for various… pic.twitter.com/s1aYwPdgWO
মোডীৰ এই গুজৰাট ভ্ৰমণৰ সময়ছোৱাত তেওঁক এইদৰে আদৰণি জনোৱাৰ সন্দৰ্ভত কৰ্ণেল ছফিয়া কুৰেশ্বিৰ যমজ ভগ্নী শ্বায়না ছুনছাৰাই সংবাদ মাধ্যমৰ আগত কয়, প্ৰধানমন্ত্ৰী মোডীক লগ পাই আমাৰ ভাল লাগিল। তেওঁ মহিলা সৱলীকৰণৰ বাবে বহু কাম কৰিছে। ছফিয়া মোৰ যমজ ভগ্নী। যেতিয়া ভগ্নীয়ে দেশৰ বাবে কিবা এটা কৰে, তেতিয়া ই কেৱল মোকেই নহয়, আন বহুতকে অনু্প্ৰাণিত কৰে। তেওঁ এতিয়া কেৱল মোৰ ভগ্নী হৈ থকা নাই, তেওঁ দেশৰ ভগ্নী।
#WATCH | Gujarat: On PM Modi's roadshow in Vadodara, Colonel Sofiya Qureshi's twin sister Shyna Sunsara says, "We felt good meeting PM Modi. PM Modi has done a lot for women's empowerment. Sofia is my twin sister. When your sister does something for the country, it inspires not… pic.twitter.com/IA3ceI5RJ1
— ANI (@ANI) May 26, 2025
উল্লেখ্য যে, অপাৰেচন সিন্দূৰ সন্দৰ্ভত দৈনিক ব্ৰিফিঙৰ সময়ত ভাৰতীয় সেনাক প্ৰতিনিধিত্ব কৰিছিল কৰ্ণেল ছফিয়া কুৰেশ্বিয়ে। দৈনিক ব্ৰিফিঙৰ সময়ত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ সৈতে দেখা গৈছিল উইং কামাণ্ডাৰ ভ্যোমিকা সিঙৰ উপৰিও কৰ্ণেল ছফিয়া কুৰেশ্বিক।।
ધન્યવાદ વડોદરા….!!
— Narendra Modi (@narendramodi) May 26, 2025
સાંસ્કૃતિક વારસાથી સમૃદ્ધ આ શહેરમાં આવીને અનહદ આનંદ થયો. આજનો રોડ શો એક શાનદાર રોડ શો રહ્યો ! શહેરીજનોએ આટલી વિશાળ સંખ્યામાં - અને તે પણ સવારે આવીને જે આશીર્વાદ આપ્યા તે બદલ સૌનો હૃદયપૂર્વક આભાર….!! pic.twitter.com/sZomxZ7oXM
২২ এপ্ৰিল, ২০২৫ ত কাশ্মীৰৰ পেহেলগামৰ বৈছাৰণ উপত্যকাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত ক৭ মে’ ভাৰতে পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিবলৈ আৰম্ভ কৰিছিল অপাৰেচন সিন্দূৰ। এই অভিযানৰ জৰিয়তে ৭ মে’ত ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা মুঠ ৯ টা শিবিৰ ধ্বংস কৰাৰ লগতে শীৰ্ষ সন্ত্ৰাসবাদী নেতাসহ ১০০ ৰো অধিক সন্ত্ৰাসবাদীক নিধন কৰিছিল।
ভাৰতৰ এনে কঠোৰ স্থিতিৰ পিছতে সন্ত্ৰাসবাদীক লালন-পালন কৰি অহা পাকিস্তান সেনাই ভাৰতৰ বিৰুদ্ধে সামৰিক আক্ৰমণ চলাইছিল। যাৰ প্ৰত্যুত্তৰ যথোচিতভাৱে দিছিল ভাৰতীয় সেনাই। পাকিস্তানৰ মুঠ ১১ টা বিমান ঘাটি ধ্বংস কৰিছিল ভাৰতে। তাৰ পিছতে ১০ মে’ত দুয়ো ৰাষ্ট্ৰৰ মাজত যুদ্ধবিৰতিৰ বুজাবুজিত উপনীত হয়।