অসমৰ নিজা উপগ্ৰহ আছামছাট সন্দৰ্ভত ইছৰোৰ অধ্যক্ষৰে আলোচনা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আছামছাট সন্দৰ্ভত ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণৰ সৈতে দিল্লীত বৈঠকত বহে। বৈঠকত চেটেলাইটৰ এটা প্ৰতীকি মুখ্যমন্ত্ৰীক দিয়ে নাৰায়ণে। 

author-image
Tushar Pratim
New Update
অসমৰ নিজা উপগ্ৰহ আছামছাট সন্দৰ্ভত ইছৰোৰ অধ্যক্ষৰে আলোচনা মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ এক নিজা চেটেলাইট স্থাপনৰ পৰিকল্পনাৰ কথা বাজেট দাখিলৰ সময়তে বিত্তমন্ত্ৰী অজন্তা নেওগে ঘোষণা কৰাৰ পাছত ইয়াৰ প্ৰাৰম্ভিক কাম আগবাঢ়িছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এই সন্দৰ্ভত ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণৰ সৈতে দিল্লীৰ অসম ভৱনত এক বৈঠকত বহে। এই বৈঠকত চেটেলাইটৰ এটা প্ৰতীকিও মুখ্যমন্ত্ৰীৰ হাতত তুলি দিয়ে নাৰায়ণে। 

Advertisment

উল্লেখ্য যে, এই চেটেলাইটৰ জৰিয়তে বান ব্যৱস্থাপনা, পৰিকল্পনা, সীমান্ত নিৰীক্ষণকে ধৰি ৰাজ্যখনৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে জটিল তথ্য সংগ্ৰহৰ জৰিয়তে কাম কৰাৰ পৰিকল্পনা কৰা হৈছে।

নতুন দিল্লীৰ অসম হাউচত অনুষ্ঠিত বৈঠকত শৰ্মাই মহাকাশ বিভাগৰ অধীনস্থ ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰসাৰ আৰু অনুমোদন কেন্দ্ৰ (IN-SPACe)ৰ সহযোগত আছামছাটৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে উপগ্ৰহটোৰ জৰিয়তে কৃষি, দুৰ্যোগ ব্যৱস্থাপনা, আন্তঃগাঁথনি উন্নয়ন, নিৰাপত্তা অভিযান, আৰু সীমান্ত নিৰীক্ষণত সহায় কৰিবলৈ নিৰন্তৰ তথ্য প্ৰবাহৰ সুবিধা প্ৰদান কৰাৰ সন্দৰ্ভত উল্লেখ কৰে।

ইছৰোৰ অধ্যক্ষগৰাকীয়ে ড০ শৰ্মাৰ এই দৃষ্টিভংগীক সাৰ্থক কৰি তোলাত তেওঁলোকে মুখ্যমন্ত্ৰীক পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে। তেওঁলোকে অসম চৰকাৰৰ এই সিদ্ধান্তক আদৰণিও জনাইছে।

আনহাতে ইছৰোৰ অসাধাৰণ অৱদানৰ বাবে শলাগ লৈ শৰ্মাই প্ৰতিষ্ঠানটো আৰু ইয়াৰ বিজ্ঞানীসকলক প্ৰশংসা কৰি তেওঁলোকৰ প্ৰতিজনকে ভাৰতীয়ৰ বাবে প্ৰকৃত প্ৰেৰণা বুলি অভিহিত কৰে।

বৈঠকৰ অন্তত মুখ্যমন্ত্রীৰ কার্যালয়ৰ ফালৰ পৰা এক্সত পোষ্ট কৰি কয়, "এই অভিলাষী পদক্ষেপক বাস্তৱায়িত কৰাত ইছৰ'ৱে পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিছে।"

আন এক গুৰুত্বপূৰ্ণ বৈঠকত ড০ শৰ্মাই ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক ড০ কৃষণ কুমাৰৰ সৈতে অসমত চলি থকা আৰু আগন্তুক ঘাইপথ আৰু দলং প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰে। আলোচনাত অসমৰ ধুবুৰীক মেঘালয়ৰ ফুলবাৰীৰ সৈতে সংযোগ কৰা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ১৯.২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত দলংকে ধৰি মূল আন্তঃগাঁথনিৰ পদক্ষেপ ত্বৰান্বিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে ২৫ হাজাৰ কোটি টকাৰ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছৱে, নুমলীগড়-গহপুৰ সংযোগী সুৰংগ আৰু বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ আৰু গহপুৰৰ পৰা কুলাজানলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ বিষয়েও গুৰুত্বসহকাৰে আলোচনা কৰে।বৈঠকত উপস্থিত থকা এগৰাকী জ্যেষ্ঠ বিষয়াই কয়, "মুখ্যমন্ত্ৰী আৰু এন এইছ আই ডি চি এলৰ পৰিচালন সঞ্চালকে চলি থকা প্ৰকল্প আৰু নতুন ঘাইপথ আৰু দলং নিৰ্মাণৰ বিষয়ে আলোচনা কৰি যাত্ৰাৰ সময় হ্ৰাস কৰাৰ লগতে সামগ্ৰিকভাৱে উত্তৰ-পূব অঞ্চলৰ অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিছে।"

পিছত শৰ্মাই এক্সত এই সন্দৰ্ভত উল্লেখ কৰি কয়, "আজি এন এইচ আই ডি চি এলৰ এম ডি ড° কৃষণ কুমাৰৰ সৈতে হোৱা বৈঠকত অসমৰ ২৫ হাজাৰ কোটি টকাৰ গুৱাহাটী-চিলচৰ এক্সপ্ৰেছৱে, নুমলীগড়-গহপুৰ পানীৰ তলৰ সুৰংগ, আৰু ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্ক সম্প্ৰসাৰণকে ধৰি অসমৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পসমূহৰ অৱস্থাৰ পৰ্যালোচনা কৰিলোঁ।"

ব্ৰহ্মপুত্ৰ উপত্যকা সাৰ নিগম লিমিটেড (বিভিএফচিএল)ৰ অধীনত নামৰূপত সাৰ উদ্যোগৰ এটা নতুন ইউনিটৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰিবলৈ সাৰ বিভাগৰ কেন্দ্ৰীয় সম্পাদক ৰজত কুমাৰ মিশ্ৰৰ সৈতেও ডাঃ শৰ্মাই সাক্ষাৎ কৰে। শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা এই প্ৰকল্পটোৰ আনুমানিক ব্যয় ৫০ লাখ টকা।

ইছৰো ড০ হিমন্ত বিশ্ব শৰ্মা