/asomiyapratidin/media/media_files/2025/02/03/LQwHWgMsB3WvzdsbrRLD.jpg)
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ সোমবাৰে দিল্লীৰ ভ্ৰমণৰ সন্দৰ্ভত প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত কয় যে, কেন্দ্রীয় বাজেট-২০২৫ ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ইতিহাস সূচনা কৰি অসমৰ নামৰূপত ১২.৭ লাখ মেট্রিক টন উৎপাদন ক্ষমতাৰ ইউৰিয়া প্ৰকল্পৰ ঘোষণা কৰাৰ পাছত দেওবাৰে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দিল্লীত উপস্থিত হয়। সাৰ উপলব্ধতাৰ ক্ষেত্ৰত আত্মনির্ভৰশীলতা লাভ কৰাত সহায় কৰাৰ লগতে অসমৰ সম্পদ প্রাকৃতিক গেছৰ সমলৰো সদ্ব্যৱহাৰৰ ক্ষেত্রত এই ঘোষণাই যথেষ্ট সহায় কৰিব বুলি ইতিমধ্যে চর্চা লাভ কৰিছে।
Today in Delhi, I congratulated Hon’ble Union Minister Smt @nsitharaman Ji for presenting one of the finest budgets in India’s history - a budget which has kept the middle class and small businesses at the heart of the government’s agenda.
— Himanta Biswa Sarma (@himantabiswa) February 3, 2025
I thanked her for announcing a new Urea… pic.twitter.com/clDQUnABIS
মুখ্যমন্ত্রীয়ে সোমবাবে সমাগত 'এডভান্টেজ আছাম ২.০'ক প্রাধান্য দি অসমৰ সামগ্রিক উন্নয়ন-বিকাশৰ লগত জড়িত বিভিন্ন বিষয় আলোচনা কৰাৰ অর্থে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে কেইবাগৰাকীও কেন্দ্রীয় মন্ত্রীক সাক্ষাৎ কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰি অসমবাসীৰ হৈ তেওঁলৈ নামৰূপৰ ইউৰিয়া প্রকল্পৰ অনুমোদনৰ কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।
সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে ব্যক্ত কৰে এইবুলি 'এই প্রকল্পই ৰাজ্যৰ উন্নয়নমূলক যাত্রাত এক বৃহৎ ইতিবাচক পৰিৱৰ্তনৰ সূচনা কৰিব। আগন্তুক 'এডভান্টেজ আছাম ২.০' সম্মিলন আৰু বিশাল ঝুমইৰ প্ৰদৰ্শন সন্দর্ভত মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াৰ পৰা মূল্যৱান নির্দেশনা লাভ কৰাৰো সৌভাগ্য হয়।' মুখ্যমন্ত্রীয়ে এডভান্টেজ আছামৰ বাবে অসমলৈ তেখেতক স্বাগতম জনোৱাৰ ক্ষেত্ৰত অসমবাসীৰ আগ্রহ আৰু আনন্দও ভগাই লয়।
It was an absolute privilege to meet Hon’ble Prime Minister Shri @narendramodi Ji today. On behalf of the people of Assam, I expressed our gratitude for the Govt's decision to approve the Urea Plant in Namrup, which will be a game-changer in the State's developmental journey.
— Himanta Biswa Sarma (@himantabiswa) February 3, 2025
I… pic.twitter.com/cTl09sD5JE
মুখ্যমন্ত্রীয়ে দিল্লীত সাক্ষাতৰ জৰিয়তে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনকো 'ভাৰতৰ ইতিহাসৰ অন্যতম শ্রেষ্ঠ বাজেট উপস্থাপনাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। এই বাজেটে মধ্যবিত্ত আৰু ক্ষুদ্র বাৱসায়ক চৰকাৰৰ কাৰ্যসূচীৰ কেন্দ্রবিন্দুত ৰাখি অভিনৱত্ব প্রদান কৰিব বুলি উল্লেখ কৰে। লগতে তেওঁকো অসমৰ নতুন ইউৰিয়া প্রকল্প স্থাপনৰ ঘোষণাৰ বাবে ৰাজ্যবাসীৰ হৈ ধন্যবাদ জনায় আৰু আগন্তুক এডভান্টেজ আছামৰ সন্মিলনত মন্ত্রীগৰাকীয়ে অসমক বাধিত কৰি সামৰণিৰ অধিৱেশনখনত অধ্যক্ষতা কৰিবলৈ সন্মতি প্রদান কৰাৰ বাবে কৃতজ্ঞতা প্রকাশ কৰে।
কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে সাক্ষাতো আছিল মুখ্যমন্ত্রীৰ সোমবাৰৰ দিনটোৰ অন্যতম সফল কার্যসূচী। 'এডভান্টেজ আহাম ২.০'ৰ সময়ত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে 'বিকশিত অসমত আই-ৱেজ'ৰ ভূমিক সম্পর্কে এক বৈঠকত অধ্যক্ষতা কৰিব বুলি জনায়।
Concluded an extremely fruitful discussions with Hon'ble Union Minister Shri @AshwiniVaishnaw ji
— Himanta Biswa Sarma (@himantabiswa) February 3, 2025
On the onset, I thanked him for his rock solid support in building the semiconductor ecosystem in the State.
Hon'ble Minister will elucidate on our road map to establish Assam as a… pic.twitter.com/AF4OS8teIX
সাক্ষাতৰ পাছত মুখ্যমন্ত্রীয়ে কয় যে এই অধিবেশনে যোগাযোগ আৰু প্রযুক্তি উদ্যোগৰ মূল অংশীদাৰ আৰু শ্রেষ্ঠ মনক একত্রিত কৰি ৰাজত 'আই বেজ' নির্মাণ।
কেন্দ্রীয় মন্ত্রীৰে মাৰাথন সাক্ষাতৰ সময়ত ড" হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় মন্ত্রী হৰদীপ সিং পুৰীৰ সৈতে মিলিত হৈ অসমৰ শক্তি সম্ভাৱনা সম্পর্কে এক ফলপ্রসূ আলোচনাত মিলিত হয়। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত হাইড্ৰ'কার্বন আৰু শক্তি সম্পর্কীয় আলোচনা সত্ৰত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে নেতৃত্ব প্রদানৰ সম্মতি জনোৱাৰ বাবে মুখ্যমন্ত্রীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।
মুখ্যমন্ত্রী ড° শৰ্মাৰ কেন্দ্রীয় মন্ত্রী পীযুষ গোৱেলৰ সৈতে হোৱা সাক্ষাতত এডভান্টেজ আছাম-২.০ৰ সম্মিলনত অসমক বিকাশৰ ইঞ্জিন হিচাপে গঢ়াৰ বিভিন্ন দিশ সম্বন্ধীয় আলোচনাত নেতৃত্ব প্রদানৰ কথা ব্যক্ত কৰে কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে।
Today in New Delhi, I had the pleasure to call upon Adarniya @nitin_gadkari ji and discuss ongoing highway projects in the State.
— Himanta Biswa Sarma (@himantabiswa) February 3, 2025
We are investing ₹1 lakh cr to build a world class road network in Assam. Hon'ble Minister will further expand this vision during #AdvantageAssam2… pic.twitter.com/eczIspTYO8
দেশৰ এগৰাকী শক্তিশালী নেতা তথা কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীৰ সৈতেও এই ধাৰাবাহিক সাক্ষাতৰ অংশ হিচাপে মুখ্যমন্ত্রীয়ে এক আলোচনাত মিলিত হয়। কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ সৈতে মুখ্যমন্ত্রীয়ে অসমৰ পথ আন্তঃগাঁথনিকে ধৰি এডভান্টেজ আছাম আদি বিভিন্ন বিষয়ত আলোচনা কৰে।
Pleased to have met Hon'ble Union Minister Shri @PiyushGoyal Ji at his office this afternoon.
— Himanta Biswa Sarma (@himantabiswa) February 3, 2025
The Hon'ble Minister will lead discussions on leveraging exports as a growth engine for Assam, further advancing the vision of a Viksit Bharat at the upcoming #AdvantageAssam2 Summit.… pic.twitter.com/L4XrPcPkZA
মুখ্যমন্ত্রীয়ে আজি কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱকো সাক্ষাৎ কৰে। এই সময়ত অসমৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ ক্ষেত্ৰত কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ অৱদানৰ বাবে ধন্যবাদ জনাই এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বিভিন্ন দিশ সম্পর্কত বিশদভাৱে আলোচনা কৰে।
Had a an excellent conversation with Hon’ble Union Minister Shri @HardeepSPuri Ji.
— Himanta Biswa Sarma (@himantabiswa) February 3, 2025
We are grateful for his consent to drive forward the session on Hyrdocarbons and Energy at #AdvantageAssam2
We spoke at length on how Assam had an early mover advantage in the Oil industry but… pic.twitter.com/NEpukADVSF
উল্লেখ্য, সোমবাৰে মুখ্যমন্ত্রী ড° শৰ্মাই প্রধানমন্ত্রী নৰেন্দ্র মোদীকে ধৰি আন ছগৰাকী কেন্দ্রীয় মন্ত্রীক কৰা সাক্ষাতে নিশ্চিতকৈ অসমক এখন সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়ি তোলাত অনন্য ভূমিকা গ্রহণ কৰিব বুলি মুখ্যমন্ত্রীয়ে ব্যক্ত কৰি কয়- মুখ্যমন্ত্রী হিচাপে মোৰ আজিৰ সাক্ষাতে অসমক পূর্বতকৈও অধিক সমৃদ্ধ কৰিব।
Glad to have met Hon’ble Union Minister Shri @JM_Scindia ji in Delhi today. I am happy to share that he will chair a session on the role of 'I-Ways in Viksit Assam' during #AdvantageAssam2
— Himanta Biswa Sarma (@himantabiswa) February 3, 2025
This session will bring together key stakeholders and the best minds in the communication… pic.twitter.com/VeX3C2DJyb