/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/loadshedingcurrent-for-web-AP-full-no-ad-2-copy.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্কঃ সীমা বিবাদৰ পাছত চীনে বিগত বৰ্ষত ভাৰতত বিদ্যুতৰ সুবিধা সমূহকো উদ্দেশ্য কৰি লৈছে। এক সমীক্ষাত উল্লেখ কৰা মতে, ২০২০চনৰ অক্টোবৰ মাহত মুম্বাইত হোৱা বিদ্যুতৰ অনাটন ইয়াৰ এক উদাহৰণ বুলি আশংকা কৰা হৈছে।
কোভিড মহামাৰীৰ মাজতে সেই সময়ত মুম্বাইত বৃহৎ পৰিমানৰ বিদ্যুতৰ সংকটে দেখা দিছিল যাৰ ফলত বৈদ্যুতিক ৰে'লসমূহ ৰে'লপথৰ মাজতে ৰখি গৈছিল আৰু ঘন্টা ঘন্টা ধৰি চিকিৎসালয়সমূহত নাছিল বিদ্যুৎ।
এই সমীক্ষাত লগতে কোৱা হৈছে যে, চীনৰ সৈতে জড়িত RedEcho নামৰ সংগঠনটোৱে ভাৰতৰ বৈদ্যুতিক ক্ষেত্ৰসমূহক লক্ষ্য কৰি লৈছে। এই সংগঠনটোৰ কাম-কাজসমূহক চিনাক্ত স্বচালিত নেট'ৱৰ্ক ট্ৰেফিক এনালিটিক্স আৰু বিশেষজ্ঞ বিশ্লেষণৰ সংযোজনৰ মাধ্যমেৰে কৰা হৈছিল।