সপোন পূৰণ ভাৰতৰঃ চন্দ্ৰত সফল অৱতৰণ চন্দ্ৰযান-৩ ৰ...

সপোন পূৰণ ভাৰতৰঃ  চন্দ্ৰত সফল অৱতৰণ  চন্দ্ৰযান-৩ ৰ...

ডিজিটেল ডেস্কঃ ইতিহাস ৰচিলে ভাৰতে। সফল হ'ল ভাৰতৰ চন্দ্ৰ অভিযান চন্দ্ৰযান-৩। চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ কৰিলে লেণ্ডাৰ বিক্ৰমৰ।ইয়াৰ লগে লগে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশ হ'ল ভাৰত।

ভাৰতৰ মহাকাশ সংস্থা ইছৰোৰ দ্বাৰা প্ৰেৰণ কৰা চন্দ্ৰযান ৩-ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰত অৱতৰণ কৰে। ভাৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা চতুৰ্থ খন দেশ। ইয়াৰ পূৰ্বে চন্দ্ৰত চফ্ট লেণ্ডিং কৰিছিল ৰাছিয়া, আমেৰিকা আৰু চীনে।

ভাৰতৰ এয়া তৃতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-৩। চন্দ্ৰযান-৩ ১৪ জুলাইত উৎক্ষেপণ কৰা হৈছিল। তাৰপাছতে আজি ইয়াৰ সফল অৱতৰণ হয়।

২০০৮ চনত ভাৰতে প্ৰথমবাৰৰ বাবে চন্দ্ৰ অভিযান আৰম্ভ কৰিছিল। চন্দ্ৰযান-১ য়ে চন্দ্ৰপৃষ্ঠত পানী আৱিষ্কাৰ কৰিছিল । ২০১৯ চনত ভাৰতে দ্বিতীয়টো চন্দ্ৰ অভিযান আৰম্ভ কৰিছিল চন্দ্ৰযান-২ । তাৰপাছতে তৃতীয়টো অভিযান ২০২৩ ত আৰম্ভ কৰিছিল ভাৰতে।

অতি কম টকা ব্যয়ৰে এই চন্দ্ৰ অভিযান সফল কৰে ইছৰোই। এই সফলতা ভাৰতৰ মহাকাশ উদ্যোগৰ বাবে ই এক ডাঙৰ প্ৰাপ্তি । ই মহাকাশ শক্তি হিচাপে ভাৰতক শক্তিশালী কৰাৰ লগতে ভৱিষ্যতৰ চন্দ্ৰ অভিযানৰ ওপৰতো প্ৰভাৱ পেলাব।

ইয়াৰ পূৰ্বে চন্দ্ৰযান-১ য়ে চন্দ্ৰত পানীৰ অৱস্থিতি ধৰা পেলাইছিল। এইবাৰ চন্দ্ৰযান ৩য়ে আৰু নতুন নতুন তথ্য দিব ভাৰতক।

সপোন পূৰণ ভাৰতৰঃ  চন্দ্ৰত সফল অৱতৰণ  চন্দ্ৰযান-৩ ৰ...
ৰাছিয়াই আনিছিল ধূলি, চীনৰ আলু আৰু ভাৰতে বিচাৰি উলিয়াইছিল পানীৰ অৱস্থিতি...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in