মনমোহন সিঙৰ স্মৃতি সৌধৰ বাবে বিচৰা ভূমি দিবলৈ অস্বীকাৰ কেন্দ্ৰৰ !

শেষকৃত্য সম্পন্ন হোৱাই নাই, মাজত এতিয়াও কিছু সময় বাকী। অথচ বিতৰ্ক আৰম্ভ হ’ল ড০ মনমোহন সিঙৰ স্মৃতিসৌধ নিৰ্মাণক কেন্দ্ৰ কৰি। অভিযোগ মতে কেন্দ্ৰই অস্বীকাৰ কৰিছে ভূমি দিবলৈ।

author-image
Asomiya Pratidin
New Update
মনমোহন সিঙৰ স্মৃতিসৌধৰ বাবে বিচৰা ভূমি দিবলৈ অস্বীকাৰ কেন্দ্ৰৰ !

ডিজিটেল ডেস্কঃ শেষকৃত্য সম্পন্ন হোৱাই নাই, মাজত এতিয়াও কিছু সময় বাকী। অথচ বিতৰ্ক আৰম্ভ হ’ল ড০ মনমোহন সিঙৰ স্মৃতিসৌধ নিৰ্মাণক কেন্দ্ৰ কৰি। দুবাৰৰ প্ৰধানমন্ত্ৰী তথা প্ৰখ্যাত অৰ্থনীতিবিদ ড০ মনমোহন সিঙে ২৬ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰাৰ পাছত আজি তেওঁৰ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব।

Advertisment

এই শেষকৃত্য অনুষ্ঠানৰ পূৰ্বে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক পত্ৰ প্ৰেৰণ কৰি ড০ মনমোহন সিঙৰ স্মৃতি সৌধ নিৰ্মাণৰ বাবে এক উপযুক্ত স্থান প্ৰদান কৰিবলৈ অনুৰোধ জনাইছিল। কেৱল মল্লিকাৰ্জুন খাৰ্গেয়ে নহয়, ড০ সিঙৰ পৰিয়ালৰ লোকেও অনুৰূপ অনুৰোধ জনাইছিল। কিন্তু অভিযোগ অনুসৰি কেন্দ্ৰীয় চৰকাৰে খাৰ্গে আৰু ড০ সিঙৰক পৰিয়ালৰ সেই অনুৰোধ প্ৰত্যাখ্যান কৰিছে। 

এই অভিযোগ কৰিছে বিজেপিৰ দীৰ্ঘসময়ৰ মিত্ৰদল শিৰোমণি অকালি দলৰ নেতা সুখবীৰ সিং বাদলে। বৰ্তমান বিজেপিৰ সৈতে মধুৰ সম্পৰ্কত নাথাকিলেও দলটোৰ নেতাগৰাকীৰ এই অভিযোগ গুৰুতৰ হিচাপে বিবেচিত হৈছে।

কিয়নো ইতিমধ্যে ড০ সিঙৰ মৃত্যুত বিজেপিয়ে ৰাষ্ট্ৰীয় শোক  ঘোষণা কৰি সকলো সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছে। ড০ সিঙৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তাৰ মাজতেই উত্থাপিত এই অভিযোগে চৰ্চা লাভ কৰিছে।

সুখবীৰ সিং বাদলে ড০ মনমহোন সিঙৰ স্মৃতি সৌধ নিৰ্মাণৰ বাবে ভূমিৰ বাবে কৰা আবেদন বিজেপি চৰকাৰে প্ৰত্যাখ্যান কৰা কাৰ্যক সামাজিক মাধ্যমৰ জৰিয়তে সমালোচনা কৰিছে। উল্লেখ্য যে, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ স্মৃতি সৌধৰ বাবে উপযুক্ত স্থান বিচাৰি এখন পত্ৰ লিখিছে।

পত্ৰখনত তেওঁ উল্লেখ কৰিছিল, মনমোহন সিঙৰ শেষকৃত্য সেই স্থানত সম্পন্ন কৰিব লাগে য'ত তেওঁৰ দৰে ব্যক্তিৰ স্মৃতি সৌধ নিৰ্মাণ কৰিব পাৰি। এই সন্দৰ্ভত, খাৰ্গেয়ে পূৰ্বৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় নেতাসকলৰ ক্ষেত্ৰতো একেই ব্যৱস্থা কৰাৰ কথাও উনুকিয়াই দিয়ে।

কেৱল পত্ৰয়ে নহয় এই সন্দৰ্ভত তেওঁ মোডীৰ সৈতে টেলিফোনিক বাৰ্তালাপো কৰিছিল। জানিব পৰা মতে  মনমোহন সিঙৰ পৰিয়ালেও একে ধৰণৰ অনুৰোধ কৰিছিল।

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ শনিবাৰে নতুন দিল্লীত সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। শুকুৰবাৰে নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এই সন্দৰ্ভত এক বৈঠকো অনুষ্ঠিত হৈ যায়। খাৰ্গেৰ উপৰিও সভাখনত ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু অন্যান্য সকলে অংশগ্ৰহণ কৰে। 

কংগ্ৰেছ মল্লিকাৰ্জুন খাৰ্গে ড০ মনমোহন সিং