/asomiyapratidin/media/media_files/2025/05/14/BJPVopk0P4W2f4mwsAAr.jpg)
ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা যুদ্ধ সদৃশ পৰিস্থিতিৰ অৱসান ঘটাৰ পাছত আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে সেনাৰ মুৰব্বী জেনেৰেল অনিল চৌহানৰ লগতে ভাৰতীয় সামৰিক বাহিনীৰ মুৰব্বীসকলে। বুধবাৰে ভাৰতীয় জেনেৰেল অনিল চৌহানৰ লগতে বায়ু সেনা, নৌসেনা, আৰু স্থল সেনাৰ মুৰব্বী তিনিওগৰাকীয়ে যুদ্ধ বিৰতিৰ পিছৰ পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অৱগত কৰে।
সংবাদ সংস্থা পিটিআইৰ মতে, তেওঁলোকে ৰাষ্ট্ৰপতিক ‘অপাৰেচন সিন্দূৰ’ আৰু ইয়াৰ পাছৰ পৰিণতিৰ বিষয়ে অৱগত কৰে। ৰাষ্ট্ৰপতি ভৱনৰ তথ্য অনুসৰি বুধবাৰে ৰাষ্ট্ৰপতি মুৰ্মুৰ সৈতে ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত আলোচনাত মিলিত হয় প্ৰতিৰক্ষা মুৰব্বী অনিল চৌহান, নৌসেনাৰ মুৰব্বী এডমিৰেল দীনেশ কে ত্ৰিপাঠী, সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী আৰু এয়াৰ চিফ মাৰ্শ্বাল এ পি সিং।
সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, বৈঠকৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীয়ে ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ প্ৰতিশোধমূলক আক্ৰমণৰ সফলতা, তিনিওটা সশস্ত্ৰ বাহিনীৰ বীৰত্ব আৰু অতুলনীয় সাহসক প্ৰশংসা কৰে।
প্ৰসংগক্ৰমে মঙলবাৰে চি ডি এছ আৰু তিনিওটা সশস্ত্ৰ বাহিনীৰ মুৰব্বীসকলেও প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতেও সাক্ষাৎ কৰে। দিল্লীস্থিত ৰাজনাথৰ বাসগৃহত অনুষ্ঠিত হৈছিল এই বৈঠক।
General Anil Chauhan, Chief of Defence Staff, along with General Upendra Dwivedi, Chief of the Army Staff, Air Chief Marshal A. P. Singh, Chief of the Air Staff, and Admiral Dinesh K. Tripathi, Chief of the Naval Staff, called on President Droupadi Murmu and briefed her about… pic.twitter.com/ZU3GcK5Vux
— President of India (@rashtrapatibhvn) May 14, 2025