ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এগৰাকী চি বি আইৰ বিষয়াক প্ৰদান কৰা বঁটা উভতাই লৈছে। আজি কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে জাৰি কৰা এক চৰকাৰী জাননীত উল্লেখ কৰা অনুসৰি চি বি আইৰ এগৰাকী পৰিদৰ্শকক ২০২৩ ত প্ৰদান কৰা ‘উৎকৃষ্টতাৰ গৃহ মন্ত্ৰীৰ পদক" ঘূৰাই লোৱা হৈছে। তেওঁ বৰ্তমান ১০ লাখ টকাৰ ঘোচ লোৱাৰ এক অপৰাধৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত হৈ আছে।
উল্লেখ্য যে, ৰাহুল ৰাজ নামৰ চি বি আইৰ পৰিদৰ্শকগৰাকীয়ে মালয় কলেজ অৱ নাৰ্চিঙৰ অধ্যক্ষ অনিল ভাস্কপণ আৰু তেওঁৰ পত্নী সুমা অনিলৰ পৰা ১০ লাখ টকাৰ উৎকোচ লোৱাৰ অভিযাগ উত্থাপন হৈছিল। এই অভিযোগৰ পাছতে যোৱা ১৮ মে’ত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পাছতে চাকৰিৰ পৰা বৰ্খাস্তও হয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে জাৰি কৰা জাননীত উল্লেখ কৰা অনুসৰি মন্ত্ৰণালয়ে ১৭ নৱেম্বৰ ২০২৩ তাৰিখে জাৰি কৰা অধিসূচনা নং 11024/05/2023-PMA বাতিল কৰা হৈছে আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ অনুসন্ধানত উৎকৃষ্টতাৰ পদক প্ৰদানৰ নিয়মাৱলীৰ নিয়ম-৯ ৰ অধীনত তেওঁক প্ৰদান কৰা পদক জব্দ কৰা হৈছে।