/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-11/cbfpoi0d/AP-FOR-WEB-1.jpg)
ডিজিটেল ডেস্ক : টাটু অঁকাৰ ক্ষেত্ৰত এতিয়াৰে পৰা আপুনি হওঁক সাৱধান। য’তে- ত’তে টাটু আঁকিলে আপুনিও পৰিব পাৰে ভয়ংকৰ বিপদত ! টাটু অঁকাৰ ফলত আপুনিও দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ’ব পাৰে।
কিয়নো অসুৰক্ষিতভাৱে পথৰ কাষত টাটু আঁকি বিপদত পৰিছে ২০ গৰাকী মহিলা। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত। পথৰ কাষত টাটু অঁকাৰ ফলত এইচ আই ভি ৰোগত আক্ৰান্ত হৈছে ২০গৰাকী মহিলা।
দৰাচলতে গাজিয়াবাদ জিলা মহিলা হাস্পতালত অন্তঃসত্ত্বা ৬৮ গৰাকী মহিলাৰ কাউন্সেলিঙৰ সময়ত পোহৰলৈ আহে এই ২০ গৰাকী মহিলাৰ দুৰ্দশাৰ কথা। মহিলা কেইগৰাকীয়ে স্বীকাৰ কৰে যে পথৰ কাষত অসুৰক্ষিতভাৱে টাটু অংকন কৰি তেওঁলোক এইচ আই ভিত আক্ৰান্ত হৈছে।
এইখিনিতে উল্লেখ কৰিব পাৰি যে এডাল বেজীৰে বিভিন্নজনৰ শৰীৰত টাটু অংকন কৰিলে সেয়া বিপজ্জনক। চিকিৎসকৰ মতে টাটু অংকন কৰিলে এইচ আই ভি সংক্ৰমণৰ আশংকা ০.৩ শতাংশ বৃদ্ধি পায়। গতিকে আপুনিও যদি টাটু অংকন কৰে, তেন্তে এতিয়াৰে পৰা সজাগ আৰু সচেতন হওঁক।
Also Read: হাউলী ৰাস মহোৎসৱ : পৌৰ সভা আৰু শক্তি বিভাগৰ ব্যাপক তৎপৰতা...