/asomiyapratidin/media/media_files/2025/05/08/TY4nSdsLrmho2Vjmm08X.jpg)
ডিজিটেল ডেস্কঃ ফেৰোজপুৰ চেক্টৰত নিশা ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰাৰ সময়ত এটা সন্দেহজনক পাকিস্তানী গুপ্তচৰ ব'ৰ্ডাৰ ছিকিউৰিটী ফৰ্চ চমুকৈ BSF ৰ জোৱানৰ গুলীত নিহত হৈছে। সূত্ৰত প্ৰকাশিত এ এন আইৰ বাতৰি অনুসৰি, নিশাৰ অন্ধকাৰৰ সুযোগ লৈ উক্ত চোৰাংচোৱাটো সীমান্ত পাৰ হৈ ভাৰতীয় অঞ্চলত প্ৰৱেশ কৰি সীমান্তৰ কাইটিয়া বেৰৰ ফালে আগবাঢ়ি আছিল।
সেই দৃশ্য প্ৰত্যক্ষ কৰাৰ পাছতে বি এছ এফৰ জোৱানে তেওঁক প্ৰথমে সতৰ্ক কৰি দিয়ে আৰু পাছত তেওঁৰ পৰা কোনো উত্তৰ নোপোৱাত গুলী চালনা কৰে। ফলত সেই চোৰাংচোৱা নিহত হয়। আজি পুৱা সেই চোৰাংচোৱাৰ মৃতদেহ স্থানীয় আৰক্ষীৰ হাতলৈ হস্তান্তৰ কৰা হৈছে।
মন কৰিবলগীয়া যে, ভাৰতে অপাৰেচন সিন্দুৰ সফলতাৰে সম্পন্ন কৰাৰ পাছতে হিতাহিত জ্ঞান হেৰুৱাই পাকিস্তানী সেনাই সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত নিৰ্বিচাৰ গুলীচালনা অব্যাহত ৰাখিছে। যুদ্ধ বিৰতি ভংগ কৰি চলাই থকা এনে নিৰ্বিচাৰ গুলী চালনাৰ ফলত এই পৰ্যন্ত ১৩ গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ খবৰ পোৱা হৈছে। তাৰোপৰি আহত বহু সাধাৰণ লোক।
Border Security Force has neutralized a Pakistani intruder in Punjab's Ferozpur sector on the intervening night of May 7-8: Sources
— ANI (@ANI) May 8, 2025
The Pakistani intruder was observed crossing the International Border purposefully and moving towards border security fence taking advantage of… pic.twitter.com/u7MGLGLptX