বিৰোধীৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীৰ মনোনয়ন পত্ৰ দাখিল

মনোনয়নৰ সময়ছোৱাত লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধী,কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধী, এন চি পি ৰ মুৰব্বী শাৰদ পাৱাৰকে ধৰি কেবাগৰাকীও নেতা উপস্থিত থাকে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  বিৰোধীৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী, অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰেড্ডীয়ে এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনক প্ৰত্যাহ্বান জনাব। 

Advertisment

মনোনয়নৰ সময়ছোৱাত লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধী,কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধী, এন চি পি ৰ মুৰব্বী শাৰদ পাৱাৰকে ধৰি কেবাগৰাকীও নেতা উপস্থিত থাকে। 

সুদৰ্শন ৰেড্ডীয়ে মনোনয়ন দাখিল কৰাৰ পূৰ্বে সংসদত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন।

উল্লেখযোগ্য যে, সুদৰ্শন ৰেড্ডী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু গোৱাৰ প্ৰথম লোকায়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা। ২০০৭ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল ৰেড্ডীয়ে।

তেওঁ নিজ কাৰ্যকালত ন্যায়, নিৰপেক্ষতা আৰু সাংবিধানিক মূল্যবোধক সৰ্বোচ্চ স্থানত ৰাখিছিল। প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে জিলা আদালতৰ পৰা উচ্চতম ন্যায়ালয়লৈকে ন্যায়িক সেৱাত এক অমলিন চিন ৰাখিলে।

১৯৪৬ চনৰ ৮ জুলাইত জন্মগ্ৰহণ কৰা বি সুদৰ্শন ৰেড্ডীয়ে বি.এ. আৰু এল.এল.বি. ডিগ্ৰী লাভ কৰে আৰু ১৯৭১ চনৰ ২৭ ডিচেম্বৰত অন্ধ্ৰ প্ৰদেশ বাৰ কাউন্সিলত অধিবক্তা হিচাপে পঞ্জীয়ন কৰে।

উপ ৰাষ্ট্ৰপতি