/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-09/8yd5o2yj/6.jpg)
ডিজিটেল সংবাদ,ইটানগৰ: অৰুণাচল প্ৰদেশৰ নাহৰলাগুনৰ সমীপৰ কাৰচিংছাত মঙলবাৰে নিশা ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। ঘটনাত অসমৰ ৪ জনকৈ লোকৰ মৃত্যু হয়। অৰুণাচল প্ৰদেশত হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবে কাৰচিংচাত থকা অৰুণাচল প্ৰদেশ পৰিবহন নিগমৰ কেন্দ্ৰীয় ৱৰ্কশ্বপৰ এখন পকী দেৱাল খহি পৰাত এই ঘটনা সংঘটিত হয়।
দেৱালখনৰ সিপাৰে থকা কেইবাটাও অস্থায়ী টিনৰ ঘৰৰ ওপৰত দেৱালখন খহি পৰে। ঘৰৰ ভিতৰত শুই থকা অৱস্থাতেই দেৱাল খহি মৃত্যু হোৱা লোক কেইজন হৈছে, উৰ্মিলা বিশ্বাস (৩৫), বিকাশ বিশ্বাস (৪০), মুকিবুৰ ৰহমান (২৯) আৰু পল (১৫)। এই ঘটনাত আন আঠজন লোক আহত হয়। আহত কেইজনক বিপদমুক্ত বুলি সদৰি কৰিছে নাহৰলাগুন আৰক্ষীয়ে।