মাছুদ আজহাৰক কৰায়ত্ত কৰিবলৈ আমি সাজুঃ সেনা প্রধান বিপিন ৰাৱাট

মাছুদ আজহাৰক কৰায়ত্ত কৰিবলৈ আমি সাজুঃ সেনা প্রধান বিপিন ৰাৱাট

author-image
asomiyapratidin
New Update
৪ দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ ৰাওনা সেনাপ্ৰধান বিপিন ৰাৱট

ডিজিটেল ডেস্কঃ ১৪ ফেব্ৰুৱাৰীত পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰ মাইণ্ড মাছুদ আজহাৰৰ বিৰুদ্ধে সেনা প্ৰধান বিপিন ৰাৱটে মন্তব্য কৰে। শনিবাৰে লক্ষ্ণৌৰ সংবাদমাধ্যমৰ সন্মুখত সেনা প্ৰধান গৰাকীয়ে কয় যে- আমি সন্ত্ৰাসবাদী মাছুদ আজহাৰক কৰায়ত্ত কৰিবলৈ সাজু। আমি এই অভিযানৰ বিষয়া এতিয়াই কোনো কথা ৰাজহুৱা কৰিব নোৱাৰো। লগতে তেওঁ কয় যে, সেনা সকলো কামৰ বাবে সক্ষম আৰু যিকোনো প্ৰত্যাহ্বানৰ বাবে সাজু। সেনাই ৰাইজৰ কথাত কাম নকৰে, ৰাজনৈতিক নিৰ্ণয় অনুসৰিয়ে কাম কৰে। সেনাৰ অভিযানক ৰাজনীতিৰ সৈতে সংযোগ নকৰিব।

ইফালে, পাকিস্তান অধ্যূষিত কাশ্মীৰস্থিত পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জেইছ-ই-মহম্মদৰ শিবিৰত যোৱা ২৬ ফেব্ৰুৱাৰীত ভাৰতৰ বায়ু সেনাই এয়াৰ ষ্ট্ৰাইক চলাইছিল। ভাৰতীয় বায়ু সেনাৰ এই এয়াৰ ষ্ট্ৰাইকক লৈ উত্থাপন প্ৰশ্নৰ উত্তৰত তেওঁ কয়- 'আমাক যি লক্ষ্য দিয়া হৈছিল তাত আমি আক্ৰমণ চলাইছিলো। আৰু বহু সন্ত্ৰাসবাদী নিহত হৈছিল।' লগতে তেওঁ ম্যানমাৰত সন্ত্ৰাসবাদী শিবিৰত সেনাই চলোৱা অভিযান সন্দৰ্ভতো মন্তব্য কৰি কয়- 'ভাৰতীয় সেনাই ম্যানমাৰ সেনাৰ ওচৰত চিৰকৃতজ্ঞ। কাৰণ তেওঁলোকে সহযোগতহে আমি সংযুক্ত সেনাৰ অভিযানত সফল হৈছো।'