কথা ৰাখিলে অমিত শ্বাহেঃ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে দিল্লীত নামকৰণ গুৰুত্বপূৰ্ণ পথ

গৃহমন্ত্ৰী অমিত শ্বাহে এবছুৰ ৫৭ সংখ্যক বাৰ্ষিক অধিবেশনত ঘোষণা কৰা অনুসৰিয়েই দিল্লীৰ এটা ডাঙৰ পথ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে নামকৰণ কৰা হৈছে। এই সম্পৰ্কে DMC জাৰি কৰিছে জাননী।

author-image
Tushar Pratim
New Update
কথা ৰাখিলে অমিত শ্বাহেঃ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে দিল্লীত নামকৰণ গুৰুত্বপূৰ্ণ পথ

ডিজিটেল ডেস্কঃ দিল্লীৰ এটা অতি গুৰুত্বপূৰ্ণ পথৰ নাম বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে নামকৰণ কৰা হৈছে। যোৱা মাৰ্চ মাহত অনুষ্ঠিত হোৱা নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিবেশনত অংশগ্ৰহণ কৰিবলৈ আহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল দিল্লীৰ এটা ডাঙৰ পথ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে নামকৰণ কৰা হ’ব। 

Advertisment

সেই মতেই দিল্লীৰ এটা অতি গুৰুত্বপূৰ্ণ পথৰ নাম বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে নামকৰন কৰা হৈছে। এই সম্পৰ্কীয় এক আনুষ্ঠানিক জাননী জাৰি কৰিছে দিল্লীৰ পৌৰ নিগমে। ৩ এপ্ৰিল ২০২৫ ত No. SE-I/SZ/2025-26/D-01 নম্বৰ পত্ৰৰ জৰিয়তে কৈলাশ কলনীৰ A5-A18 পথটোক বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ হিচাৰে নামকৰণ কৰা হৈছে। শীঘ্ৰেই এই পথটো নতুন নামেৰে ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰা হ’ব।

এই সম্পৰ্কে এক্সৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৱগত কৰিছে। তেওঁ দিল্লীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে এটা পথ নামকৰণ কৰাৰ প্ৰস্তাৱক কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদো জনাইছে। তেওঁ এক্সত লিখিছে, ''দিল্লীৰ মাজভাগত এটা পথৰ নাম বোডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ ৰখাৰ প্ৰস্তাৱটোকো আগবঢ়াই লৈ যোৱাৰ বাবে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহজীলৈ মোৰ আন্তৰিক কৃতজ্ঞতা।''

দিল্লী পৌৰ নিগমে এ৫-এ১৮ কৈলাশ কলনিৰ পৰা বোডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ হিচাপে পথটো অনুমোদন জনাইছে, যি অতি সোনকালেই ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত কৰা হ'ব, আদৰণিয় গৃহমন্ত্ৰী ডাঙৰীয়াই বি টি আৰৰ জনসাধাৰণৰ প্ৰতি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিলে।  

এবছু দিল্লী অমিত শ্বাহ উপেন্দ্ৰনাথ ব্ৰহ্ম