মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ নিযুক্তিঃ ৪ সদস্যৰ স্থিতিত দুজনৰ অসন্তুষ্টি

বিতৰ্কৰ মাজতে সোমবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ভি ৰাম সুব্ৰমণিয়মক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছে।

author-image
Asomiya Pratidin
New Update
মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ নিযুক্তিঃ ৪ সদস্যৰ স্থিতিত দুজনৰ অসন্তুষ্টি

ডিজিটেল ডেস্কঃ বিতৰ্কৰ মাজতে সোমবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ভি ৰাম সুব্ৰমণিয়মক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছে। যোৱা ১ জুনত ন্যায়াধীশ অৰুণ মিশ্ৰই এই পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছৰে পৰা এই পদ খালী হৈ আছিল।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষগৰাকীৰ উপৰিও আন দুগৰাকী সদস্যকো নিযুক্তি প্ৰদান কৰা হৈছে। এই দুই সদস্য হৈছে ক্ৰমে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ প্ৰিংকা কানুনগো আৰু অৱসৰপ্ৰাপ্ত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিদ্যুত ৰঞ্জন ছাৰাংগী।

নতুনকৈ অধ্যক্ষৰ দায়িত্ব লাভ কৰা ন্যায়াধীশ ৰাম সুব্ৰমণিয়ম তামিলনাডুৰ বাসিন্দা। তেওঁ ২০১৯ চনৰ ২৩ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু ২০২৩ ৰ ২৯ জুনত অৱসৰ গ্ৰহণ কৰিছিল। তাৰোপৰি তেওঁ হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰো মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব পালন কৰিছিল। 

ন্যায়াধীশ ৰাম সুব্ৰমণিয়মক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ নিয়োগ কৰাৰ ক্ষেত্ৰত ৬ জনীয়া এক নিযুক্তি কমিটীয়ে তেওঁৰ নাম ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছিল। এই কমিটীত অধ্যক্ষ হিচাপে প্ৰধানমন্ত্ৰী, লোকসভাৰ অধ্যক্ষ, গৃহমন্ত্ৰী, ৰাজ্যসভা আৰু লোকসভাৰ বিৰোধী দলৰ নেতাৰ লগতে উপ ৰাষ্ট্ৰপতিগৰাকী। 

এই কমিটীয়ে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপে প্ৰথমে সদ্য অৱসৰপ্ৰাপ্ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰস্তাৱ কৰিছিল যদিও কমিটীৰ দুই সদস্য লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে বিৰোধিতা কৰে।

মুখ্যতঃ ডি ৱাই চন্দ্ৰচূড়ৰ নৰেন্দ্ৰ মোডীৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্কৰ বাবেই তেওঁলোকে ডি ৱাই চন্দ্ৰচূড়ৰ বিৰোধিতা কৰিছিল। ইয়াৰ পিছতে এই কমিটীয়ে ন্যায়াধীশ ৰাম সুব্ৰমণিয়মক আয়োগৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছে। 

ইয়াৰ পিছতে পুনৰ কংগ্ৰেছে এই নিযুক্তিক লৈ অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। লোকসভা আৰু ৰাজ্যসভাৰ বিৰোধী দলৰ দুই নেতাই এই নিযুক্তিক ক্ৰুটীপূৰ্ণ আৰু পূৰ্ব নিৰ্ধাৰিত আখ্যা দিছে। তেওঁলোকৰ মতে কমিটীৰ অধ্যক্ষই অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সদস্যৰ পৰামৰ্শ আৰু মতামতৰ ঐতিহ্যক উপেক্ষা কৰা বুলি দাবী কৰিছে।

ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেয়ে মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ পদৰ বাবে ন্যায়াধীশ ৰোহিন্টননাৰিমান আৰু ন্যায়াধীশ কে এম জোছেফৰ নাম প্ৰস্তাৱ কৰিছিল। কমিটীৰ অধিকাংশ সদস্যই এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে।

সেয়ে গান্ধী আৰু খাৰ্গেয়ে অসন্তুষ্টি প্ৰকাশ কৰি কয়, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ নিৰ্বাচনৰ ক্ষেত্ৰত বৈচিত্ৰ, সাম্প্ৰদায়িক আৰু আঞ্চলিক ভাৰাসাম্য বজায় ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ।

তেওঁলোকৰ মতে, সংখ্যালঘু পাৰ্চী সম্প্ৰদায়ৰ এজন বিশিষ্ট আইনবিদ ন্যায়াধীশ ৰোহিন্টন ফালি নাৰিমন তেওঁৰ বৌদ্ধিক গভীৰতা আৰু সাংবিধানিক মূল্যবোধৰ প্ৰতি অটলস্থিতিৰ বাবে বিখ্যাত। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত তেওঁৰ অন্তৰ্ভুক্তিয়ে ভাৰতৰ বহুত্ববাদী সমাজক প্ৰতিনিধিত্ব কৰাৰ লগতে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিব।

আনহাতে সংখ্যালঘু খ্ৰীষ্টান সম্প্ৰদায়ৰ ব্যক্তি তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ কুট্টিয়িল মেথিউ জোছেফো তেওঁৰ সংবিধানৰ প্ৰতি থকা আনুগত্যৰ বাবে প্ৰখ্যাত। তেওঁ ব্যক্তিগত স্বাধীনতা আৰু বিভিন্ন গোষ্ঠীসমূহৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন ৰায় প্ৰদান কৰি আহিছে।

বিৰোধী দলৰ দুই নেতাৰ এই যুক্তি আৰু প্ৰস্তাৱক প্ৰত্যাখ্যান কৰিলে আয়োগৰ অধ্যক্ষসহিতে ৪ সদস্যই। সেয়ে কংগ্ৰেছে অসন্তুষ্টি প্ৰকাশ কৰি ৰাজহুৱাকৈ এই বিষয়ে মন্তব্য কৰিছে।

মন কৰিবলগীয়া যে, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ১৯৯৩ চনৰ মানৱ অধিকাৰ সুৰক্ষা আইনৰ অধীনত গঠন কৰা হৈছিল। এই আয়োগ এগৰাকী অধ্যক্ষ আৰু কেইবাজনো সদস্যৰ দ্বাৰা গঠিত।

সদস্যসমূহৰ ভিতৰত একাংশ সদস্য দেশৰ বিভিন্ন সামাজিক গোষ্ঠী, সম্প্ৰদায় আৰু নিৰ্দিষ্ট ধৰ্মৰ প্ৰতিনিধি। আয়োগৰ মূল কাৰ্যাৱলীসমূহৰ ভিতৰত মানৱ অধিকাৰ উলংঘনৰ তদন্ত, ন্যায়ালয়ত মানৱ অধিকাৰ সংক্ৰান্তিয় বিষয়ৰ হস্তক্ষেপ, জিলাসমূহৰ পৰিদৰ্শন আৰু মানৱ অধিকাৰৰ বিষয়ে প্ৰচাৰ কৰা।

কংগ্ৰেছ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মানৱ অধিকাৰ আয়োগ