সত্যক স্বীকাৰ নকৰে বাংলাদেশে ! অৰ্মত্য সেনকহে সমালোচনা জামাতৰ...

শ্বেইখ হাছিনাৰ পলায়ন আৰু বাংলাদেশত আৱামী লীগৰ চৰকাৰ পতনৰ পাছতে দেশখনত সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণ বৃদ্ধি পাইছে। ধ্বংস কৰা হৈছে সংখ্যালঘুসকলৰ উপাসনাস্থলী।

author-image
Tushar Pratim
New Update
সত্যক স্বীকাৰ নকৰে বাংলাদেশে ! অৰ্মত্য সেনকহে সমালোচনা জামাতৰ...

ডিজিটেল ডেস্কঃ শ্বেইখ হাছিনাৰ পলায়ন আৰু বাংলাদেশত আৱামী লীগৰ চৰকাৰ পতনৰ পাছতে দেশখনত সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণ বৃদ্ধি পাইছে। ধ্বংস কৰা হৈছে সংখ্যালঘুসকলৰ উপাসনাস্থলী। দেশখনত সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়টোৱে ভাৰতৰ ৰাজনীতিক প্ৰভাৱিত কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো আলোচনাৰ বিষয় হৈ পৰিছে।

Advertisment

এনে পৰিস্থিতিৰ মাজতে বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলৰ ওপৰত হোৱা আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰিছে নোবেল বিজয়ী অৰ্মত্য সেন। কেৱল উদ্বেগ প্ৰকাশ কৰাই নহয়, তেওঁৰ এই পৰিস্থিতিৰ বাবে জামাতৰ দৰে উগ্ৰ সাম্প্ৰদায়িক শক্তিসমূহক দোষাৰোপ কৰিছে।

উল্লেখ্য যে, চুবুৰীয়া দেশখনত সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণে সকলো সীমা অতিক্ৰম কৰিছে। নতুন বাংলাদেশত চৰম অসুৰক্ষিত হিন্দু, বৌদ্ধ, শিখ তথা খ্ৰীষ্টান ধৰ্মাৱলম্বীলোকসকল। এনে পৰিস্থিতিতে বাংলাদেশক লৈ চিন্তিত হৈ পৰিছে গৌৰৱী বঙালী অৰ্মত্য সেন।

অৰ্থনীতিবিদ অৰ্মত্য সেনে জীৱনৰ বেছিভাগ সময় ঢাকাতেই অতিবাহিত কৰিছিল।তেওঁৰ স্কুলীয়া জীৱনো আৰম্ভ হৈছিল ঢাকাতেই। এসময়ত তেওঁ নিয়মিতভাৱে ঢাকাত থকা নিজৰ পূৰ্বপুৰুষৰ ঘৰলৈ গৈছিল। সেইবাবেই বৰ্তমানৰ বাংলাদেশক লৈ চিন্তিত অমৰ্ত্য।

দেওঁবাৰে অৰ্থনীতিবিদগৰাকীয়ে পি টি আইৰ এক সাক্ষাৎকাৰত কয়, বাংলাদেশৰ পৰিস্থিতিয়ে মোৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। কাৰণ মই বঙালী। ঢাকাত বহু সময় কটাইছিলো আৰু তাৰ পৰাই মোৰ স্কুলীয়া জীৱনো আৰম্ভ হৈছিল।ঢাকাৰ বাহিৰেও মই প্ৰায়ে মাণিকগঞ্জত থকা মোৰ পূৰ্বপুৰুষৰ ঘৰলৈ গৈছিলো।

মাৰ লগত ময়ো নিয়মীয়াকৈ বিক্ৰমপুৰ, বিশেষকৈ সোণাৰাং ভ্ৰমণ কৰিছিলো। গতিকে ব্যক্তিগতভাৱে এই ঠাইবোৰ মোৰ বাবে অতি গুৰুত্বপূৰ্ণ। কিন্তু এতিয়া বাংলাদেশৰ পৰিস্থিতি অতি চিন্তনীয়। আন বহুজনৰ দৰে ময়ো চিন্তিত। তেওঁলোকে বৰ্তমানৰ প্ৰত্যাহ্বানসমূহৰ সৈতে কেনেদৰে মোকাবিলা কৰিব?’

১৯৭১ চনত স্বাধীনতাৰ পিছত বাংলাদেশত যি অগ্ৰগতি হৈছে, সেই বিষয়েও অমৰ্ত্য সেনে উল্লেখ কৰিছে। তেওঁ কয়, বাংলাদেশে বৃহৎ অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনৰ মাজেৰে আগবাঢ়ি আহিছে। বিশেষকৈ মহিলাৰ অধিকাৰৰ বিষয়ত বহু কাম কৰিছে।

সাক্ষাৎকাৰত তেওঁ লগতে কয় আৱামী লীগ নিষিদ্ধ কৰিব নালাগে। অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ সন্দৰ্ভত তেওঁ কয়, ইউনুছ মোৰ পুৰণি বন্ধু। দেশখনৰ বৰ্তমনাৰ পৰিস্থিতিক নিয়ন্ত্ৰণ কৰাৰ তেওঁৰ ক্ষমতা আছে।

উল্লেখ্য যে, শ্বেইখ হাছিনাৰ কাৰ্যকালত বাংলাদেশত মৌলবাদী শক্তি নিয়ন্ত্ৰণত আছিল। জামাত, হিজবউৎ তাহৰিৰৰ দৰে উগ্ৰ ধৰ্মীয় শক্তিক নিয়ন্ত্ৰণত ৰাখিছিল। কিন্তু বৰ্তমান বাংলাদেশত মৌলবাদী শক্তিৰ পুনৰ উত্থান হৈছে। ফলত নানান ধৰণে বিপদৰ সন্মুখীন হৈছে ধৰ্মীয় সংখ্যালঘুসকল।

এই বিষয়টোক তীব্ৰ নিন্দা কৰি অমৰ্ত্য সেনে কয়, বাংলাদেশৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ বিষয়। সেই দেশৰ হিন্দুসকলক সুৰক্ষা আৰু নিৰাপত্তা প্ৰদানৰ গৌৰৱময় ইতিহাস আছে। এটা সময়ত জামাতৰ দৰে সাম্প্ৰদায়িক শক্তি নিয়ন্ত্ৰণত আছিল। বাংলাদেশত সংখ্যালঘু হিন্দুসকলক যিদৰে অত্যাচাৰ আৰু হিন্দু মন্দিৰ ভাঙি পেলোৱা হৈছে, সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। ইয়াৰ দায়িত্ব সেই দেশৰ চৰকাৰ আৰু নাগৰিকে ল’ব লাগিব৷এই ধৰণৰ হিংসা বন্ধ কৰাৰ বাবে সকলোৱে দায়িত্ব ল'ব লাগিব।"

অৱশ্যে অৰ্মত্য সেনৰ সেই বক্তব্যক সোমবাৰে সমালোচনা কৰিছে জামাতে। জামাতে অভিযোগ কৰিছে শ্বেইখ হাছিনাক সমৰ্থন কৰা অৰ্মত্য সেনে বাংলাদেশক সহনশীলতাৰ পাঠ পঢ়োৱাৰ প্ৰয়োজন নাই।তেওঁ যিখন সমাজত বাস কৰে সেই সমাজৰ আইনাখনত নিজকে এবাৰ চাই লওঁক। বাংলাদেশৰ জনসাধাৰণে ১৫ বছৰতকৈও অধিক সময় ধৰি ধৰ্মনিৰপেক্ষতাৰ নামত ভণ্ডামি কৰি আহিছে। অমৰ্ত্য সেনে একনায়কত্ববাদীৰ পক্ষে থিয় হৈছে। যি আচৰিত আৰু অতি নিন্দনীয়।"

 

বাংলাদেশ অৰ্মত্য সেন