Advertisment

মহাকুম্ভ-২০২৫লৈ আৰু মাত্ৰ কিছুদিন, প্ৰস্তুতি তুংগত...

২০২৫ৰ ১৩জানুৱাৰীৰ পৰা আৰম্ভ হব মহাকুম্ভ মেলা। এই মহাকুম্ভক লৈ ইতিমধ্যে প্ৰায় সাজু হৈছে উত্তৰ প্ৰদেশ চৰকাৰ। মহাকুম্ভৰ পূৰ্বে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে ৬০০০কোটিৰো অধিক পাঁচ শতাধিক

author-image
Asomiya Pratidin
New Update
maha

ডিজিটেল ডেস্কঃ  ২০২৫ৰ ১৩জানুৱাৰীৰ পৰা আৰম্ভ হব মহাকুম্ভ মেলা। এই মহাকুম্ভক লৈ ইতিমধ্যে প্ৰায় সাজু হৈছে উত্তৰ প্ৰদেশ চৰকাৰ। মহাকুম্ভৰ পূৰ্বে উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে ৬০০০কোটিৰো অধিক পাঁচ শতাধিক আঁচনি সম্পূৰ্ণ কৰাত মনোনিৱেশ কৰিছে।  মহাকুম্ভৰ এই প্ৰস্তুতিত নিজেই নজৰ ৰাখিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। 

Advertisment

ডিচেম্বৰ মাহটোতে চতুৰ্থবাৰৰ বাবে যোগী আদিত্যনাথ নিজে উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লৈছে। যোৱা সোমবাৰে দিনৰ প্ৰায় ১বজাত হেলিকপ্টাৰেৰে প্ৰয়াগৰাজত উপস্থিত  হৈ যোগী আদিত্যনাথে গংগা আঁৰতিৰ স্থান পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে উক্ত স্থানত পূজা-অৰ্চনাৰ লগতে স্বচ্ছতাৰ এক কাৰ্যসূচীও ৰূপায়ন কৰে। 

মহাকুম্ভ-২০২৫ৰ প্ৰস্তুতিৰ সন্দৰ্ভত স্থানীয় প্ৰশাসনৰ বিষয়-ববীয়াৰ সৈতেও এক বৈঠকত বহে যোগী আদিত্যনাথ। নিৰাপত্তাৰ দিশটোত যাতে কোনো সুৰুঙা নাথাকে তাৰ বাবে আৰক্ষীক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।

 

উত্তৰ প্ৰদেশ